অসম

assam

ETV Bharat / bharat

জেএনইউত বিবেকানন্দৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব প্ৰধানমন্ত্ৰীয়ে

স্বামী বিবেকানন্দ এজন বৌদ্ধিক আৰু আধ্যাত্মিক নেতা ৷ তেওঁ ভাৰতত স্বাধীনতা,বিকাশ,সমন্বয় আৰু শান্তিৰ বাৰ্তাৰে যুৱ প্ৰজন্মক উদগনি দিছিল ।

PM Modi to unveil life-size statue of Swami Vivekananda at JNU campus today
জেএনইউত বিবেকানন্দৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব প্ৰধানমন্ত্ৰীয়ে

By

Published : Nov 12, 2020, 2:23 PM IST

নিউজ ডেস্ক, 12 নৱেম্বৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে জেএনইউৰ চৌহদত স্থাপন কৰা স্বামী বিবেকানন্দৰ এটা প্ৰতিমূৰ্তি উন্মোচন কৰিব । স্বামী বিবেকানন্দৰ প্ৰতিমূৰ্তি উন্মোচন কৰাৰ সমান্তৰালভাৱে ইয়াৰ লগত সংগতি ৰাখি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বিয়লি 5.30 বজাৰ পৰা এক কাৰ্যসূচীৰো আয়োজন কৰিছে ।

বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই এক বিবৃতিৰ জড়িয়তে প্ৰধানমন্ত্ৰী মোদীয়ে সন্ধিয়া 6.30 বজাত ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে প্ৰতিমূৰ্তিটো উন্মোচন কৰাৰ কথা জানিবলৈ দিয়ে । জেএনইউৰ উপাধ্যক্ষই এক বিবৃতিত কয় যে,স্বামী বিবেকানন্দ এজন বৌদ্ধিক আৰু আধ্যাত্মিক নেতা ৷ তেওঁ ভাৰতত স্বাধীনতা,বিকাশ,সমন্বয় আৰু শান্তিৰ বাৰ্তাৰে যুৱ প্ৰজন্মক উদগনি দিছিল । তেওঁ নাগৰিকসকলক ভাৰতীয় সভ্যতা,সংস্কৃতি আৰু ইয়াৰ অপ্ৰয়োজনীয় আত্মাৰ ওপৰত গৌৰৱ ল'বলৈ অনুপ্ৰাণিত কৰিছিল ৷

লগতে পঢ়ক: ভয়াৱহ ৰূপ লৈছে দিল্লীৰ প্ৰদূষণে: পূৰ্বতকৈ সুস্থিৰ হৈছে প্ৰদূষণ

ABOUT THE AUTHOR

...view details