নেশ্যনেল ডেস্ক 29 নৱেম্বৰ:মাহেকীয়া ৰেডিঅ' অনুষ্ঠান মন কী বাতত পুনৰ নিজৰ চিন্তা-ধাৰা প্ৰকাশ কৰাৰ বাবে সাজু প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ টুইটাৰৰ জৰিয়তে দেওবাৰে দিনৰ 11 বজাত নিজৰ মাহেকীয়া ৰেডিঅ' অনুষ্ঠান মন কী বাতত উপস্থিত থকাৰ কথা প্ৰধানমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে ৷ শনিবাৰে নিশা টুইটাৰৰ জৰিয়তে প্ৰধানমন্ত্ৰী গৰাকীয়ে সকলোকে দেওবাৰৰ তেওঁৰ অনুষ্ঠানৰ বাবে অপেক্ষা কৰিবলৈ আহ্বান জনায় ৷
দেওবাৰৰ এই অনুষ্ঠান মাহেকীয়া ৰেডিঅ' অনুষ্ঠানটোৰ 71 তম খণ্ড হ'ব ৷ অল ইণ্ডিয়া ৰেডিঅ'ৰ লগতে দূৰদৰ্শনত এই অনুষ্ঠান সম্প্ৰচাৰ কৰা হ'ব ৷ অল ইণ্ডিয়া ৰেডিঅ', ডিডি নিউজ, পিএমঅ' আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ৰ ইউটিউব চেনেল সমূহতো এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ হ'ব ৷