নেশ্যনেল ডেস্ক, 24 অক্টোবৰ: মঙলবাৰে বিজয়া দশমী ৷মঙলবাৰে দ্বাৰকা উপনগৰৰ ছেক্টৰ 10 ত অৱস্থিত ৰামলীলা মৈদানত ৰাৱণ দাহ কৰিবলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । ৰামলীলা সমিতিৰ আহ্বায়ক ৰাজেশ গেহলটে জানিবলৈ দিয়ে এই কথা । ইয়াৰ পূৰ্বে 2019 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই স্থানৰ ৰাৱণ দহন কাৰ্যসূচীত অংশগ্ৰহণ কৰি ৰাৱণ দাহ কৰিছিল । আজি সন্ধিয়া 5 বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দ্বাৰকালৈ আহিব বুলি জানিব পৰা গৈছে ।
দ্বাৰকা ছেক্টৰ 10 ত আয়োজিত একাদশ গ্ৰেণ্ড ৰামলীলাত প্ৰধানমন্ত্ৰীৰ আগমন সন্দৰ্ভত জল্পনা-কল্পনা চলিছিল যদিও সোমবাৰৰ সন্ধিয়া পৰ্যন্ত সেয়া নিশ্চিত হোৱা নাছিল । সোমবাৰৰ সন্ধিয়া দেৰিকৈ প্ৰকাশ কৰা হৈছিল এই তথ্য ।
15 অক্টোবৰৰ পৰা যেতিয়া ৰামলীলা আৰম্ভ হৈছিল তেতিয়া ৰাজধানী দিল্লীত বজৰংগ দল আৰু বিশ্ব হিন্দু পৰিষদে শৌৰ্য জাগৰণ যাত্ৰাৰ কাৰ্যসূচী গ্ৰহণ কৰিছিল । এই কাৰ্যসূচীত বিশ্ব হিন্দু পৰিষদ আৰু বজৰংগ দলৰ সহস্ৰাধিক কৰ্মীয়ে অংশগ্ৰহণ কৰে । ৰামলীলাত 10 হাজাৰ লোকে বহিব পৰাৰ ব্যৱস্থা আছে । দূৰ-দূৰণিৰ পৰা পৰ্যটক এই স্থানলৈ আহে ।