নিউজ ডেস্ক, ২৭ ছেপ্টেম্বৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে ভাইব্ৰেণ্ট গুজৰাট সন্মিলনৰ ২০ বছৰ উপলক্ষে আয়োজিত অনুষ্ঠানত যোগদান কৰিব । এক এক্স বাৰ্তাত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "ব্যৱসায়, উদ্ভাৱন আৰু বিকাশ চিহ্নিত কৰা দুটা দশক ! পুৱা ১০ বজাত ভাইব্ৰেণ্ট গুজৰাট সন্মিলনৰ ২০ বছৰ উপলক্ষে আয়োজিত কাৰ্যসূচীত যোগদান কৰিম । যিটো হৈছে অৰ্থনৈতিক বিকাশৰ প্ৰতি গুজৰাটৰ অটল প্ৰতিশ্ৰুতিৰ এক প্ৰমাণ । বিগত বছৰবোৰত সন্মিলনবোৰে বিভিন্ন খণ্ডৰ মুখ্য অংশীদাৰসকলক একত্ৰিত কৰিছে, বিকাশক ত্বৰান্বিত কৰিছে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণভাৱে গুজৰাটৰ বহু যুৱক-যুৱতীৰ বাবে সুযোগ সৃষ্টি কৰিছে ।"
আনহাতে, ভাইব্ৰেণ্ট গুজৰাটৰ এক্স অফিচিয়েল টুইটাৰ হেণ্ডেলে পোষ্ট কৰিছে, "২০০৩ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (গুজৰাটৰ তদানীন্তন মুখ্যমন্ত্ৰী) ৰাজ্যখনৰ সামগ্ৰিক আৰু সৰ্বাংগীণ উন্নয়ন লাভ কৰাৰ লক্ষ্যৰে ভাইব্ৰেণ্ট গুজৰাট আৰম্ভ কৰিছিল । বিগত ২০ বছৰত ভাইব্ৰেণ্ট গুজৰাট গ্লোবেল ছামিট কেৱল ভাৰতৰে নহয়, সমগ্ৰ বিশ্বৰ বিনিয়োগকাৰীসকলৰ বাবে সৰ্বাধিক পছন্দ হৈ পৰিছে ।"
"আজি মুখ্যমন্ত্ৰী ভূপেন্দ্ৰভাই পেটেলৰ নিৰন্তৰ প্ৰচেষ্টাৰ দ্বাৰা গুজৰাটক ইয়াৰ ব্যৱসায়-অনুকূল নীতি, শক্তিশালী ঔদ্যোগিক আধাৰ আৰু বিনিয়োগ-অনুকূল পৰিৱেশৰ বাবে ভাৰতৰ অন্যতম উজ্জীৱিত ৰাজ্য হিচাপে স্বীকৃতি দিয়া হৈছে ।" ভাইব্ৰেণ্ট গুজৰাটে এক্স পোষ্টত লিখিছে ।