অসম

assam

ETV Bharat / bharat

15th BRICS Summit: ব্ৰিকছ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে দক্ষিণ আফ্ৰিকামুখী নৰেন্দ্ৰ মোদী - brics summit 2023 venue

আজিৰে পৰা আৰম্ভ হ’ব 15 সংখ্যক ব্ৰিকছ সন্মিলন ৷ অংশগ্ৰহণৰ বাবে মংগলবাৰে দক্ষিণ আফ্ৰিকালৈ ৰাওনা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । 22-24 আগষ্টলৈ অনুষ্ঠিত হ’ব ব্ৰিকছৰ এই সন্মিলন । জোহান্সবাৰ্গত উপস্থিত থকা একাংশ নেতাৰ সৈতেও মোদীয়ে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব । 25 আগষ্টত আনুষ্ঠানিক ভ্ৰমণৰ বাবে গ্ৰীচলৈ যাত্ৰা কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ।

PM Modi to leave for South Africa today to attend 15th BRICS Summit
প্ৰধানমন্ত্ৰী মোদী আজি ৰাওনা হ’ব দক্ষিণ আফ্ৰিকালৈ

By

Published : Aug 22, 2023, 8:09 AM IST

নেশ্যনেল ডেস্ক, 22 আগষ্ট:দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি মাটামেলা চাইৰিল ৰামাফোছাৰ আমন্ত্ৰণত পঞ্চদশ ব্ৰিকছ সন্মিলনত অংশগ্ৰহণৰ বাবে মংগলবাৰে দক্ষিণ আফ্ৰিকালৈ ৰাওনা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । ব্ৰাজিল, ৰাছিয়া, ভাৰত, চীন আৰু দক্ষিণ আফ্ৰিকাৰ বিশ্ব অৰ্থনীতিৰ এক গোট । 22-24 আগষ্টলৈ অনুষ্ঠিত হ’ব ব্ৰিকছৰ এই সন্মিলন । প্ৰধানমন্ত্ৰী মোদীৰ এয়া তৃতীয়টো দক্ষিণ আফ্ৰিকা ভ্ৰমণ আৰু এই ভ্ৰমণৰ জৰিয়তে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ কূটনৈতিক সম্পৰ্কৰ 30 বছৰ সম্পূৰ্ণ হ’ব ।

এইবাৰৰ ব্ৰিকছ সন্মিলনৰ অধ্যক্ষতা কৰিব দক্ষিণ আফ্ৰিকাই । এইবাৰৰ শীৰ্ষ সন্মিলনৰ বিষয়বস্তু হৈছে: "ব্ৰিকছ আৰু আফ্ৰিকা: পাৰস্পৰিকভাৱে ত্বৰান্বিত বৃদ্ধি, বহনক্ষম উন্নয়ন আৰু সৰ্বাংগীন বহুপক্ষীয়তাৰ বাবে অংশীদাৰিত্ব"। কোভিড মহামাৰীৰ বাবে মহামাৰীৰ বাবে একেৰাহে 3 বছৰ ধৰি ভাৰ্চুৱেল বৈঠকৰ জৰিয়তে অনুষ্ঠিত হৈ আহিছিল ব্ৰিকছ সন্মিলন ।

প্ৰধানমন্ত্ৰী মোদীৰ দক্ষিণ আফ্ৰিকা আৰু গ্ৰীচ ভ্ৰমণৰ পূৰ্বে বৈদেশিক সচিব বিনয় কোৱাট্ৰাই এক বিশেষ বিবৃত্তিযোগে কয়, “আয়োজক দেশ দক্ষিণ আফ্রিকাই সন্মিলনলৈ বৃহৎ সংখ্যক দেশক আমন্ত্রণ জনাইছে ৷ ইয়াৰ উপৰিও ব্ৰিকছৰ সদস্যসকলো সন্মিলনত উপস্থিত থাকিব ।" বৈদেশিক সচিব কোৱাট্ৰাই উল্লেখ কৰে যে, ভাৰতৰ পৰা এটা ব্যৱসায়িক প্ৰতিনিধিৰ দলো বিজনেছ ট্ৰেকছৰ বৈঠকত অংশগ্ৰহণ কৰিবলৈ দেশখনলৈ যাত্ৰা কৰিছে ।

প্ৰধানমন্ত্ৰীগৰাকীৰ ভ্ৰমণ সন্দৰ্ভত সবিশেষ প্ৰদান কৰি বিনয় কোৱাট্ৰাই কয়, "দক্ষিণ আফ্ৰিকাত উপস্থিত হ’বলগীয়া নেতাসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ দ্বিপাক্ষিক বৈঠকৰ সময়সূচী এতিয়াও স্থিৰ হোৱা নাই ।"

দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে ব্ৰিকছ শীৰ্ষ সন্মিলনৰ পিছত আয়োজন কৰা এক বিশেষ অনুষ্ঠান "ব্ৰিকছ-আফ্ৰিকা আউটৰিচ এণ্ড ব্ৰিকছ প্লাছ ডাইলগ"তো অংশগ্ৰহণ কৰিব, য'ত দক্ষিণ আফ্ৰিকা, বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে (এম ই এ) আমন্ত্ৰিত অন্যান্য ৰাষ্ট্ৰসমূহ অন্তৰ্ভুক্ত হ’ব বুলি এক প্ৰেছ বিজ্ঞপ্তিযোগে ঘোষণা কৰিছে । জোহান্সবাৰ্গত উপস্থিত থকা একাংশ নেতাৰ সৈতেও তেওঁ দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব ।

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে 15 সংখ্যক ব্ৰিকছ শীৰ্ষ সন্মিলনত ভাৰ্চুৱেলি যোগদান কৰাৰ বিপৰীতে ৰাছিয়াৰ প্ৰতিনিধি দলটোৰ নেতৃত্বত থাকিব বৈদেশিক মন্ত্ৰী চাৰ্গেই লাভৰভ । তেওঁ "ব্ৰিকছ - আফ্ৰিকা আউটৰিচ আৰু ব্ৰিকছ প্লাছ ডাইলগ" শীৰ্ষক বিশেষ অনুষ্ঠানতো অংশগ্ৰহণ কৰিব ।

ব্ৰিকছ শীৰ্ষ সন্মিলনৰ পিছত এই আয়োজন কৰা হৈছে আৰু ইয়াত দক্ষিণ আফ্ৰিকাই আমন্ত্ৰণ জনোৱা কেইবাখনো আফ্ৰিকা মহাদেশৰ দেশে অংশগ্ৰহণ কৰিব ৷ কোৱাট্ৰাই কয় যে, জোহান্সবাৰ্গত দ্বিপাক্ষিক বৈঠকত মিলিত হোৱাৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে গ্ৰীচৰ প্ৰধানমন্ত্ৰীৰ আমন্ত্ৰণত 25 আগষ্টত আনুষ্ঠানিক ভ্ৰমণৰ বাবে গ্ৰীচলৈ যাত্ৰা কৰিব ।

লগতে পঢ়ক: Manipur violence: গীতা মিট্টলৰ কমিটিয়ে উচ্চতম ন্যায়ালয়ত দাখিল কৰিলে প্ৰতিবেদন

ABOUT THE AUTHOR

...view details