নেশ্যনেল ডেস্ক, 9 ডিচেম্বৰ:10 ডিচেম্বৰত নতুন সংসদ ভৱনৰ ভূমি পূজন ৷ বৃহস্পতিবাৰে নতুন সংসদ ভৱনৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ বৃহস্পতিবাৰে আধাৰশিলা স্থাপন হ'বলগীয়া উক্ত সংসদ ভৱনটোত লোকসভা বৰ্তমানতকৈ তিনিগুণ ডাঙৰকৈ গঢ়ি তোলা হ'ব আৰু সেই অনুপাতে ৰাজ্যসভাকো বৰ্তমানৰ আকাৰতকৈ ডাঙৰকৈ গঢ়ি তোলা হ'ব বুলি জানিব পৰা গৈছে ৷
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা প্ৰকাশিত এক বিবৃতি অনুসৰি, এই নতুন ভৱন আত্মনিৰ্ভৰ ভাৰতৰ এক অংশ আৰু এই নতুন ভৱনটো স্বাধীনতাৰ পাছত পোনপ্ৰথম বাৰৰ বাবে জনতাৰ সংসদ গঢ়ি তোলাৰ ক্ষেত্ৰত প্ৰথমটো পদক্ষেপ হিচাপে বিবেচিত হ'ব ৷ বিবৃতিটোত কোৱা হৈছে যে, আটকধুনীয়াকৈ নিৰ্মাণ হ'বলগীয়া ভৱনটো আকাৰত তিনিকোণীয়া হ'ব আৰু ভাৰতীয় সংস্কৃতি আৰু কলাৰ বৈচিত্ৰতা প্ৰদৰ্শন কৰিব ৷