নেশ্যনেল ডেস্ক, 17 ছেপ্টেম্বৰ:প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে মুকলি কৰিব ‘পি এম বিশ্বকৰ্মা’ আঁচনি ৷ 'বিশ্বকৰ্মা জয়ন্তী’ৰ স্মৃতিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰম্পৰাগত শিল্পীসকলৰ সুবিধাৰ্থে মুকলি কৰিব এই আঁচনিখন ৷ প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ প্ৰেছ বিজ্ঞপ্তি অনুসৰি দেওবাৰে পুৱা প্ৰায় 11 বজাত নতুন দিল্লীৰ দ্বাৰকাৰ ইণ্ডিয়া ইণ্টাৰনেশ্যনেল কনভেনচন এণ্ড এক্সপ’ চেণ্টাৰত অনুষ্ঠিত হ’ব এই মুকলি অনুষ্ঠান ।
"পি এম বিশ্বকৰ্মা" আঁচনিখনে পৰম্পৰাগত শিল্পকৰ্মত নিয়োজিত ব্যক্তিসকলক সহায় আৰু উন্নীতকৰণৰ বাবে মোদীৰ অটল দায়ৱদ্ধতাক প্ৰতিফলিত কৰে বুলিও কয় । 77 সংখ্যক স্বাধীনতা দিৱসত লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে ঘোষণা কৰিছিল যে অতি সোনকালে চৰকাৰে পৰম্পৰাগত কাৰুকাৰ্যত দক্ষ ব্যক্তিৰ বাবে এক আঁচনি আৰম্ভ কৰিব ।
এই আঁচনিৰ লক্ষ্য হৈছে যুগ যুগ ধৰি চলি অহা পৰম্পৰা, সংস্কৃতি আৰু স্থানীয় সামগ্ৰী, শিল্প আৰু শিল্পকৰ্মত সন্নিৱিষ্ট চহকী ঐতিহ্য সংৰক্ষণ কৰা বুলি বিবৃতিটোত প্ৰকাশ । "পি এম বিশ্বকৰ্মা" আঁচনিয়ে কেন্দ্ৰীয় চৰকাৰৰ পৰা লাভ কৰিব 13000 কোটি টকাৰ আকৰ্ষণীয় আৱণ্টন ।