অসম

assam

By

Published : Jul 29, 2021, 4:45 PM IST

ETV Bharat / bharat

শিক্ষা খণ্ডৰ বাবে বহু নতুন পদক্ষেপ ঘোষণা প্ৰধানমন্ত্ৰী মোডীৰ

ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ অধীনত সংস্কাৰ সাধনৰ এবছৰ সম্পূৰ্ণ । বৃহস্পতিবাৰে শিক্ষা আৰু দক্ষতা বিকাশৰ ক্ষেত্ৰত দেশৰ ভিন্ন প্ৰান্তৰ শিক্ষাৰ্থী, শিক্ষক আৰু নীতি প্ৰণয়ন কৰোঁতাৰে ভিডিঅ' কনফাৰেন্সযোগে বৈঠকত মিলিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ।

PM Modi to launch multiple initiatives in education sector
শিক্ষা খণ্ডত গ্ৰহণ কৰা কেইবাটাও নতুন পদক্ষেপৰ বিষয়ে ঘোষণা প্ৰধানমন্ত্ৰী মোডীৰ

নেশ্যনেল ডেস্ক, ২৯ জুলাই: বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ অধীনত সংস্কাৰ সাধনৰ এবছৰ সম্পূৰ্ণ হোৱাৰ ক্ষণতে শিক্ষা আৰু দক্ষতা বিকাশৰ ক্ষেত্ৰত দেশৰ ভিন্ন প্ৰান্তৰ শিক্ষাৰ্থী, শিক্ষক আৰু নীতি প্ৰণয়ন কৰোঁতাৰে ভিডিঅ' কনফাৰেন্সযোগে বৈঠকত মিলিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ শিক্ষা খণ্ডত গ্ৰহণ কৰা কেইবাটাও নতুন পদক্ষেপৰ বিষয়ে ঘোষণা কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে । উচ্চ শিক্ষাৰ শিক্ষাৰ্থীৰ বাবে প্ৰধানমন্ত্ৰীয়ে একাডেমিক বেংক অৱ ক্ৰেডিট মুকলি কৰিব । নতুন পদক্ষেপবোৰৰ ভিতৰত আছে- বিদ্যা প্ৰৱেশ, গ্ৰেড-1 শিক্ষাৰ্থীসকলৰ বাবে তিনিমহীয়া প্ৰস্তুতিৰ এক আৰ্হি, নিষ্ঠা-২.০ শীৰ্ষক NCERTয়ে ডিজাইন কৰা শিক্ষক প্ৰশিক্ষণৰ এক একত্ৰিত কাৰ্যসূচী, এছএএফএএল (শিকাৰ স্তৰ বিশ্লেষণ কৰাৰ বাবে সংগঠিত মূল্যায়ন) শীৰ্ষক CBSEৰ বিদ্যালয়বোৰত গ্ৰেড ৩, ৫ আৰু ৮ৰ বাবে এক দক্ষতাভিত্তিক মূল্যাংকন ফ্ৰেমৱৰ্ক আৰু আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ প্ৰতি সমৰ্পিত এটা ৱেবছাইট ।

প্ৰধানমন্ত্ৰীয়ে এনইপি ২০২০ৰ লক্ষ্যসমূহত সঠিকভাৱে উপনীত হোৱাতো নিশ্চিত কৰাৰ লগতে শিক্ষা খণ্ডৰ সকলো সুবিধা সকলোৱে লাভ কৰিব পৰাকৈ ৰাষ্ট্ৰীয় ডিজিটেল শিক্ষা আৰ্কিটেকচাৰ (National Digital Education Architecture) আৰু ৰাষ্ট্ৰীয় শিক্ষা প্ৰযুক্তি মঞ্চৰ শুভাৰম্ভণি কৰিব । এন ই পি ২০২০ হৈছে শিক্ষণ পদ্ধতিৰ দৃশ্যপট সলনি কৰা, শিক্ষা সকলোৰে বাবে সহজ কৰি তোলা আৰু আত্মনিৰ্ভৰশীল ভাৰতৰ বাবে শক্তিশালী ভেটি গঢ়ি তোলাৰ বাবে পথপ্ৰদৰ্শক । এয়া হৈছে একবিংশ শতিকাৰ প্ৰথম শিক্ষা নীতি আৰু ই 34 বছৰ পুৰণি ৰাষ্ট্ৰীয় শিক্ষা নীতি(National Policy on Education)১৯৮৬ৰ স্থান লৈছে ।

প্ৰৱেশাধিকাৰ, সমতা, মান, সামৰ্থ্য আৰু দায়বদ্ধতাৰ ওপৰত ভিত্তি কৰি প্ৰণিত এই নীতি বহনক্ষম উন্নয়নৰ বাবে উৎকৃষ্ট নীতি হিচাপে বিবেচিত হৈছে । এই নতুন পদক্ষেপে শিক্ষা খণ্ডলৈ ইতিবাচক পৰিৱৰ্তন আনিব বুলি আশা কৰিব পাৰি ।

লগতে পঢ়ক:সুৰজিৎ-সুখদেৱৰ দোকানৰ চাহৰ জুতি কিয় এৰিব নোৱাৰে লুধিয়ানাৰ শিক্ষাৰ্থীয়ে ?

ABOUT THE AUTHOR

...view details