নেশ্যনেল ডেস্ক, ১২ জুলাই: মঙলবাৰে উত্তৰ-পূৱৰ ৮ খন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে বাৰ্তালাপ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (Prime Minister Narendra Modi)য়ে । উত্তৰ-পূৰ্ৱাঞ্চলৰ বৰ্তমানৰ ক'ভিড পৰিস্থিতিৰ বিষয়ে ভিডিঅ' কনফাৰেঞ্চৰ জৰিয়তে প্ৰধানমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীসকলৰ সৈতে আলোচনা কৰিব । চৰকাৰী সূত্ৰই জনোৱা মতে, প্ৰধানমন্ত্ৰী মোডীয়ে অসম, নাগালেণ্ড, ত্ৰিপুৰা, ছিক্কিম, মণিপুৰ, মেঘালয়, অৰুণাচল প্ৰদেশ আৰু মিজোৰামৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে বাৰ্তালাপ কৰিব । দেশৰ অধিকাংশ ঠাইতে ক'ভিডত আক্ৰান্তৰ সংখ্যা ক্ৰমান্বয়ে হ্ৰাস পাইছে যদিও উত্তৰ-পূৰ্ৱাঞ্চলত আশানুৰূপভাৱে আক্ৰান্তৰ হাৰ হ্ৰাস পোৱা নাই ।
বিশেষজ্ঞসকলৰ মতে, দেশৰ সামগ্ৰিক আক্ৰান্তৰ তুলনাত উত্তৰ-পূৰ্ৱাঞ্চলত আক্ৰান্তৰ সংখ্যা বাঢ়িয়েই আছে । সোমবাৰে পুৱাৰ ভাগত প্ৰধানমন্ত্ৰী মোডীয়ে নমো এপ (NaMo app)ৰ জৰিয়তে দলীয় কৰ্মীসকলৰে বাৰ্তালাপ কৰে । তেওঁৰ চৰকাৰী মোবাইল এপৰ সৈতে সংযুক্ত হোৱাৰ বাবে বিজেপিৰ দিল্লী গোটৰ সদস্যসকলক তেওঁ প্ৰশংসা কৰে । গেৰুৱা দলটোৰ প্ৰতিজন কৰ্মীক নমো এপৰ জৰিয়তে সংযুক্ত কৰাৰ লক্ষ্যৰে দিল্লী বিজেপিৰ নেতৃত্বই ৰাজধানী চহৰখনত নমো এপ অভিযান (NaMo App Abhiyaan) আৰম্ভ কৰিছে ।