অসম

assam

ETV Bharat / bharat

বাৰানসীৰ COVID-১৯ৰ টীকাকৰণৰ হিতাধিকাৰী, প্ৰতিষেধক প্ৰদানকাৰীৰে মত-বিনিময় প্ৰধানমন্ত্ৰীৰ

উত্তৰ প্ৰদেশৰ বাৰানসীত অব্যাহত থকা COVID-১৯ৰ টীকাকৰণ প্ৰক্ৰিয়াৰ হিতাধিকাৰী আৰু প্ৰতিষেধক প্ৰদান কৰা স্বাস্থ্য কৰ্মীৰে মত-বিনিময় কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । যোৱা ১৬ জানুৱাৰীত ভিডিঅ' কনফাৰেন্সযোগে প্ৰধানমন্ত্ৰীয়ে টীকাকৰণ প্ৰক্ৰিয়া উদ্বোধন কৰিছিল ।

COVID-১৯ৰ টীকাকৰণৰ হিতাধিকাৰী, প্ৰতিষেধক প্ৰদানকাৰীৰে মত-বিনিময় প্ৰধানমন্ত্ৰীৰ
COVID-১৯ৰ টীকাকৰণৰ হিতাধিকাৰী, প্ৰতিষেধক প্ৰদানকাৰীৰে মত-বিনিময় প্ৰধানমন্ত্ৰীৰ

By

Published : Jan 22, 2021, 1:07 PM IST

নেশ্যনেল ডেস্ক, ২২ জানুৱাৰী: দেশজুৰি অব্যাহত আছে COVID-১৯ৰ টীকাকৰণ প্ৰক্ৰিয়া । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুক্ৰবাৰে উত্তৰ প্ৰদেশৰ বাৰানসীৰ COVID-১৯ৰ টীকাকৰণ প্ৰক্ৰিয়াৰ হিতাধিকাৰী, প্ৰতিষেধক প্ৰদানকাৰীৰে বাৰ্তালাপ কৰিব । দিনৰ ১.১৫ মিনিটত ভিডিঅ' কনফাৰেন্সযোগে প্ৰধানমন্ত্ৰীগৰাকীয়ে মত-বিনিময় কৰিব । অনুষ্ঠানটিত অংশগ্ৰহণকাৰীসকলে প্ৰথমবাৰৰ বাবে টীকাকৰণ প্ৰক্ৰিয়াৰ অনুভৱ ব্যক্ত কৰিব ।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকাশ কৰা মতে, বিশ্বৰ আটাইতকৈ বৃহৎ টীকাকৰণ প্ৰক্ৰিয়া সুচাৰুৰূপে পৰিচালিত কৰাৰ বাবে বৈজ্ঞানিক, ৰাজনৈতিক নেতা, বিভাগীয় বিষয়া আৰু আন অংশীদাৰৰ সৈতে আলোচনা কৰাৰ পিছতো মত-বিনিময়ৰ অনুষ্ঠান অব্যাহত আছে । সমগ্ৰ দেশৰে ক'ভিড যোদ্ধাসকলক প্ৰতিষেধক প্ৰদান কৰা হৈছে । সমগ্ৰ দেশতে কৰ'ণা মহামাৰীৰ সংক্ৰমণ প্ৰতিহত কৰিবলৈ যোৱা ১৬ জানুৱাৰীত ভিডিঅ' কনফাৰেন্সযোগে প্ৰধানমন্ত্ৰীয়ে টীকাকৰণ প্ৰক্ৰিয়া উদ্বোধন কৰিছিল ।

প্ৰথম পৰ্যায়ত লাখ লাখ স্বাস্থ্য কৰ্মীসহ মুঠ ৩ কোটি লোকক প্ৰতিষেধক প্ৰদান কৰাৰ লক্ষ্য স্থিৰ কৰি হৈছে । বাৰানসীৰ ৬টাকৈ কেন্দ্ৰত COVID-১৯ৰ টীকাকৰণ প্ৰক্ৰিয়া অব্যাহত আছে । প্ৰথমটো প্ৰতিষেধক বৰানসী হিন্দু বিশ্ববিদ্যালয় কেন্দ্ৰৰ অধীনৰ ছাৰ সুন্দৰলাল হাস্পতালত ৰছিদ খান নামৰ এগৰাকী চাফাই কৰ্মীক প্ৰদান কৰা হৈছিল । বৃহস্পতিবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰতিষেধক গ্ৰহণ কৰা সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে প্ৰকাশ কৰা কেতবোৰ পোষ্টাৰ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ড০ হৰ্ষবৰ্ধনে উন্মোচন কৰে ।

বহু লোকে প্ৰতিষেধক গ্ৰহণৰ পিছত হ'ব পৰা পাৰ্শ্চক্ৰিয়াৰ কথা চিন্তা কৰি টীকাকৰণ প্ৰক্ৰিয়াত সহযোগিত আগবঢ়োৱাৰ পৰা বিৰত আছে । সেয়ে, স্বাস্থ্য মন্ত্ৰালয়ে সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰিছে । বৰ্তমান ভাৰতত ছিৰাম ইনষ্টিটিউটে প্ৰস্তুত কৰা, আষ্ট্ৰাজেনেকা আৰু অক্সফ'ৰ্ড বিশ্ববিদ্যালয়ে বিকশিত কৰা ক'ভিশ্বিল্ড প্ৰতিষেধক আৰু ভাৰত বায়'টেক আৰু ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চে প্ৰস্তুত কৰা ক'ভাক্সিন প্ৰতিষেধক প্ৰদান কৰি থকা হৈছে ।

লগতে পঢ়ক:বিধানসভা নিৰ্বাচন সন্দৰ্ভত নতুন দিল্লীত কংগ্ৰেছ দলৰ গুৰুত্বপূৰ্ণ বৈঠক

ABOUT THE AUTHOR

...view details