অসম

assam

ETV Bharat / bharat

আজি গুজৰাটৰ কচ্ছত 'বীৰ বালাক মেম'ৰিয়েল' উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে - মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল

গুজৰাটৰ কচ্ছৰ আঞ্জাৰ চহৰত দেওবাৰে 'বীৰ বালাক মেম'ৰিয়েল' (Veer Balak Memorial) উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে (PM Modi to inaugurate Veer Balak Memorial) ৷ মৃত শিশুসকলৰ বাবে উৎসৰ্গিত এই 'বীৰ বালাক মেম'ৰিয়েল' শিশু সংগ্ৰহালয়টো পাঁচটা শাখাত বিভক্ত কৰা হৈছে (Museum dedicated to deceased children) ৷

Etv BharatPM Modi to inaugurate Veer Balak Memorial in Gujarats Kutch today
Etv Bharatআজি গুজৰাটৰ কচ্ছত 'বীৰ বালাক মেম'ৰিয়েল' উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে

By

Published : Aug 28, 2022, 7:52 AM IST

নেশ্যনেল ডেস্ক, 28 আগষ্ট: সমগ্ৰ দেশ কঁপাই আঞ্জাৰ ঘটনা সকলোৰে মনত আছে ৷ গুজৰাটৰ কচ্ছৰ আঞ্জাৰ চহৰত দেওবাৰে 'বীৰ বালাক মেম'ৰিয়েল' (Veer Balak Memorial) উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে (PM Modi to inaugurate Veer Balak Memorial) ৷ যোৱা ২০০১ চনৰ ২৬ জানুৱাৰীত গুজৰাটত হোৱা ভূমিকম্পত ১৮৫ গৰাকী স্কুলীয়া শিক্ষাৰ্থী আৰু ২০ গৰাকী শিক্ষক কচ্ছৰ আঞ্জাৰ চহৰত এক ৰেলীত অংশগ্ৰহণ কৰি থকা সময়ত ওচৰৰ অট্টালিকাৰ ধ্বংসস্তূপৰ তলত সমাধিস্থ হৈছিল (185 school children and 20 teachers buried Earthquake)৷

সেই সময়ৰ গুজৰাটৰ তদানীন্তন মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই শিশুসকলৰ (Chief Minister Narendra Modi)স্মৃতিত এটা স্মাৰক নিৰ্মাণৰ কথা ঘোষণা কৰিছিল ৷ ৰাজ্যখনৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলৰ (Chief Minister Bhupendra Patel) তত্বাৱধানত এই স্মাৰকৰ নিৰ্মাণকাৰ্য আৰম্ভ হৈছিল ৷ এই বিশেষ অনুষ্ঠানত মৃতকৰ পৰিয়ালৰ ১০০ জন সদস্যক উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিবলৈ আমন্ত্ৰণ জনোৱা হৈছে ৷

মৃত শিশুসকলৰ বাবে উৎসৰ্গিত এই 'বীৰ বালাক মেম'ৰিয়েল' শিশু সংগ্ৰহালয়টো পাঁচটা শাখাত বিভক্ত কৰা হৈছে (Museum dedicated to deceased children)৷ প্ৰথমটো শাখাত মৃতকৰ ছবি আৰু কিছু অতীতৰ ছবি উপস্থাপন কৰা হৈছে ৷ তাৰ পিছত ভূমিকম্পৰ ফলত হোৱা ধ্বংস শাখাত, মৃত শিশুসকলৰ স্মাৰক আৰু তেওঁলোকৰ প্ৰতিকৃতিবোৰৰ ধ্বংসাৱশেষ দেখুওৱা হৈছে ৷

ইয়াৰ লগতে ভূমিকম্পৰ অভিজ্ঞতা ল'বলৈ এটা বিশেষ কোঠা তৈয়াৰ কৰা হৈছে ৷ এই কোঠাত দৰ্শনাৰ্থীসকলে ভূমিকম্পটো এটা বিশেষ মেচিনৰ যোগে ভিডিঅ' স্ক্ৰীণত অনুভৱ কৰিব পাৰিব ৷

ইয়াৰ উপৰিও ভূমিকম্প সংঘটিত হোৱাৰ প্ৰক্ৰিয়া, বৈজ্ঞানিক কাৰণ আৰু অন্যান্য প্ৰয়োজনীয় বিৱৰণ এই শাখাটোত অন্তৰ্ভুক্ত কৰা হৈছে ৷ সংগ্ৰহালয়টোৰ সমাপ্ত হোৱা শাখাত দৰ্শনাৰ্থীসকলক তেওঁলোকৰ ভূমিকম্পৰ অভিজ্ঞতাৰ বিষয়ে প্ৰশ্ন সোধা হয় ।

মৃত শিশুসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে সংগ্ৰহালয়টোৰ বাহিৰত এটা স্মাৰকত শিশুসকলৰ নাম খোদিত কৰা হৈছে ৷ ভুক্তভোগী নিৰীহ শিশু আৰু শিক্ষকসকলৰ নাম তেওঁলোকৰ ছবিৰ সৈতে সংগ্ৰহালয়টোৰ দেৱালত লিখা হৈছে ৷ তেওঁলোকক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে এক শক্তিশালী "প্ৰকাশপুঞ্জ" (Prakashpunj in Gujrat) নিৰ্মাণ কৰা হৈছে, যাৰ পৰা ওলোৱা পোহৰ সমগ্ৰ আঞ্জাৰ চহৰত দৃশ্যমান হ'ব ।

লগতে পঢ়ক:দেওবাৰে ধ্বংস কৰা হ’ব দুটাকৈ ছুপাৰটেক টুইন টাৱাৰ

ABOUT THE AUTHOR

...view details