অসম

assam

PM Modi to host SCO Summit : ভাৰ্ছুৱেল এছচিঅ’ সন্মিলনৰ সভাপতিত্ব ভাৰতৰ

By

Published : Jul 4, 2023, 12:47 PM IST

ছাংহাই সহযোগিতা সংস্থাৰ সন্মিলনত ভাৰতে সভাপতিত্ব কৰে । ভাৰ্ছুৱেলী অনুষ্ঠিত এই সন্মিলনত চীন, ৰাছিয়া, পাকিস্তান আৰু এছচিঅ' ৰাষ্ট্ৰসমূহৰ অন্যান্য নেতাসকলেও অংশগ্ৰহণ কৰিব । আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ বিভিন্ন বিষয় আলোচনা কৰা হ'ব বৈঠকত ।

PM Modi to host SCO Summit today
ভাৰ্ছুৱেল এছচিঅ' সন্মিলনৰ সভাপতিত্ব ভাৰতৰ

নেশ্যনেল ডেস্ক,৪ জুলাই : ৪ জুলাই অৰ্থাৎ আজি ছাংহাই সহযোগিতা সংস্থাৰ সন্মিলনত ভাৰতে সভাপতিত্ব কৰিব । দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নেতৃত্ব দিবলগীয়া এই অনুষ্ঠানত চীন, ৰাছিয়া, পাকিস্তান আৰু এছচিঅ' ৰাষ্ট্ৰসমূহৰ অন্যান্য নেতাসকলেও অংশগ্ৰহণ কৰিব । আঞ্চলিক নিৰাপত্তা পৰিস্থিতি, যোগাযোগ আৰু বাণিজ্য বৃদ্ধিৰ বিভিন্ন উপায় আলোচনা এই বৈঠকৰ মুখ্য লক্ষ্য হ'ব ।

যোৱা সপ্তাহত ৱেগনাৰ বাহিনীয়ে সশস্ত্ৰ বিদ্ৰোহৰ চেষ্টা কৰাৰ পাচত বহুপাক্ষিক সন্মিলনত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ এয়া প্ৰথম অংশগ্ৰহণ হ'ব । ইফালে ভাৰতৰ সভাপতিত্বত এছচিঅ' সন্মিলনে ইৰাণক গোটটোৰ নতুন স্থায়ী সদস্য হিচাপে স্বাগতম জনাব ।

তদুপৰি, আফগানিস্তানৰ পৰিস্থিতি, ইউক্ৰেইন সংঘৰ্ষ আৰু এছচিঅ'ৰ সদস্য দেশসমূহৰ মাজত সহযোগিতা বৃদ্ধিৰ বিষয়ে সন্মিলনত আলোচনা কৰাৰ সম্ভাৱনা আছে । এছচিঅ'ৰ সৈতে ভাৰতৰ সম্পৰ্ক ২০০৫ চনত পৰ্যবেক্ষক দেশ হিচাবে আৰম্ভ হৈছিল । ২০১৭ চনত আস্তানা সন্মিলনত ভাৰত এছচিঅ'ৰ সম্পূৰ্ণ সদস্য ৰাষ্ট্ৰ হিচাপে পৰিগণিত হৈছিল, যিটো সংগঠনটোৰ সৈতে ভাৰতৰ সম্পৰ্কৰ এক ঐতিহাসিক মুহূৰ্ত হিচাপে বিবেচনা কৰা হয় ।

মন কৰিবলগীয়া যে বিগত ৬ বছৰত ভাৰতে এছচিঅ'ৰ সকলো ক্ষেত্ৰতে অতি সক্ৰিয় আৰু গঠনমূলক ভূমিকা পালন কৰিছে । ২০২২ চনৰ ছেপ্টেম্বৰত, ভাৰতে প্ৰথমবাৰৰ বাবে উজবেকিস্তানৰ পৰা এছচিঅ'ৰ সভাপতিত্ব লাভ কৰে । ভাৰতৰ সভাপতিত্বৰ সময়ছোৱাত এছচিঅ'য়ে বিভিন্ন ক্ষেত্ৰত বিস্তৃত পৰিসৰত ব্যস্ততা আৰু বাৰ্তালাপৰ পৰিসৰ বৃদ্ধি কৰিছে ।

ভাৰতে এছচিঅ'ত পাঁচটা নতুন স্তম্ভ আৰু সহযোগিতাৰ গুৰুত্বপূৰ্ণ ক্ষেত্ৰৰ সৃষ্টি কৰিছে । ষ্টাৰ্টআপ আৰু উদ্ভাৱন, পৰম্পৰাগত ঔষধ, ডিজিটেল অন্তৰ্ভুক্তি, যুৱ সশক্তিকৰণ আৰু অংশীদাৰী বৌদ্ধ ঐতিহ্য । এছচিঅ'ত দুটা নতুন প্ৰণালী ষ্টাৰ্টআপ আৰু উদ্ভাৱনৰ ওপৰত বিশেষ কাৰ্যকৰী গোট আৰু পৰম্পৰাগত ঔষধৰ ওপৰত বিশেষজ্ঞ কাৰ্যকৰী গোট ভাৰতৰ উদ্যোগত সৃষ্টি কৰা হৈছিল ।

৪-৫ মে'ত ভাৰতে গোৱাত এছচিঅ'ৰ বৈদেশিক মন্ত্ৰীসকলৰ বিশেষ বৈঠক অনুষ্ঠিত কৰিছিল । গোৱাৰ সেই বৈঠকে উষ্ণ আতিথ্য, অনন্য সংস্কৃতি আৰু সুকীয়া ঐতিহ্য প্ৰদৰ্শন কৰিছিল । ভাৰতৰ প্ৰথমবাৰৰ বাবে এছচিঅ'ৰ সভাপতিত্ব উপলক্ষে এখন স্মাৰক ডাক টিকটো মুকলি কৰা হয় । ভাৰত, চীন, ৰাছিয়া, পাকিস্তান, কাজাখস্তান, কিৰগিজস্তান, তাজিকিস্তান আৰু উজবেকিস্তানক লৈ গঠিত এছচিঅ' হৈছে এক প্ৰভাৱশালী অৰ্থনৈতিক আৰু সুৰক্ষা খণ্ড আৰু ই এক বৃহৎ আন্তঃআঞ্চলিক আন্তঃৰাষ্ট্ৰীয় সংগঠন হিচাপে আত্মপ্ৰকাশ কৰিছে ।

লগতে পঢ়ক :Assam petrochemical: অসমৰ পৰা বাংলাদেশলৈ মিথানল ৰপ্তানি; প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা

ABOUT THE AUTHOR

...view details