নেশ্যনেল ডেস্ক, ৩ নৱেম্বৰ: বুধবাৰে এক পৰ্যালোচনা বৈঠকত মিলিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(Prime Minister Narendra Modi) । ক'ভিড-১৯ৰ প্ৰতিষেধক কমকৈ প্ৰদান কৰা জিলাসমূহৰ জিলা দণ্ডাধীশৰ সৈতে আলোচনা কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে । প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে জনোৱা মতে, প্ৰধানমন্ত্ৰী মোডীয়ে ঝাৰখণ্ড, মণিপুৰ, নাগালেণ্ড, অৰুণাচল প্ৰদেশ, মহাৰাষ্ট্ৰ, মেঘালয় আৰু আন কেইবাখনো ৰাজ্যৰ ৪০ খনতকৈও অধিক জিলাৰ জিলা দণ্ডাধীশৰ সৈতে বাৰ্তালাপ কৰিব ।
এই ৰাজ্যকেইখনৰ যিবোৰ জিলাত টীকাকৰণ অভিযান সফলভাৱে ৰূপায়িত হোৱা নাই সেইবোৰ জিলাৰ জিলা দণ্ডাধীশৰ সৈতে আলোচনা কৰিব মোডীয়ে । এই বৈঠকত ৰাজ্যবোৰৰ মুখ্যমন্ত্ৰীসকলো উপস্থিত থাকিব ।