অসম

assam

ETV Bharat / bharat

কেবিনেট সম্প্ৰসাৰণ সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক - প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

প্ৰধানমন্ত্ৰীয়ে সম্ভাব্য মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰিবলগীয়া নেতাসকলৰ ভিতৰত সৰ্বাধিক চৰ্চাত আছে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কংগ্ৰেছ এৰি বিজেপিত যোগ দিয়া মধ্যপ্ৰদেশৰ সাংসদ জ্যোতিৰাদিত্য সিন্ধিয়াৰ নাম ৷ সূত্ৰ অনুসৰি, জনতা দল (ইউনাইটেড) আৰু লোক জনশক্তি পাৰ্টীৰ দৰে গুৰুত্বপূৰ্ণ সহযোগীসকলক পুনৰ দপ্তৰ বিতৰণ কৰাৰ উপৰিও কেবিনেটত স্থান দিয়াৰ সম্ভাৱনা আছে ।

কেবিনেট সম্প্ৰসাৰণক লৈ মঙলবাৰে প্ৰধানমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক
কেবিনেট সম্প্ৰসাৰণক লৈ মঙলবাৰে প্ৰধানমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক

By

Published : Jul 6, 2021, 12:03 PM IST

নেশ্যনেল ডেস্ক, 6 জুলাই :প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (Prime Minister Narendra Modi)য়ে কেবিনেটৰ ৰদ-বদলক লৈ মঙলবাৰে লোক কল্যাণ মাৰ্গত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ’ব ৷ দিল্লীৰ পৰা ৰাষ্ট্ৰীয় বিজেপিৰ এক শীৰ্ষ সূত্ৰই এই সম্ভাৱনা ব্যক্ত কৰে । উক্ত বৈঠকত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ, কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান, নৰেন্দ্ৰ সিং টোমৰ, প্ৰহ্লাদ যোশী আৰু পীযুষ গোৱেলে বৈঠকত উপস্থিত থাকিব বুলি আশা কৰা হৈছে । কেন্দ্ৰত দ্বিতীয়বাৰৰ বাবে শাসনত বহিলেও এই পৰ্যন্ত প্ৰধানমন্ত্ৰীয়ে সম্প্ৰসাৰণ ঘটোৱা নাই তেওঁৰ মন্ত্ৰীসভাৰ ৷

ইপিনে প্ৰধানমন্ত্ৰীয়ে সম্ভাব্য মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰাৰ পৰিকল্পনা কৰাসকলৰ ভিতৰত সৰ্বাধিক চৰ্চাত আছে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কংগ্ৰেছ এৰি বিজেপিত যোগ দিয়া মধ্যপ্ৰদেশৰ সাংসদ জ্যোতিৰাদিত্য সিন্ধিয়াৰ নাম ৷ সূত্ৰ অনুসৰি, জনতা দল (ইউনাইটেড) আৰু লোক জনশক্তি পাৰ্টীৰ দৰে গুৰুত্বপূৰ্ণ সহযোগীসকলক পুনৰ দপ্তৰ বিতৰণ কৰাৰ উপৰিও কেবিনেটত স্থান দিয়াৰ সম্ভাৱনা আছে । উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ আৰু মধ্য প্ৰদেশৰ কেইবাজনো বিজেপি সাংসদক মন্ত্ৰীসভাত স্থান দিয়াৰ সম্ভাৱনা আছে ।

ইয়াৰ পূৰ্বে বিজেপিৰ এটা সূত্ৰই শীঘ্ৰে দলটোৰ কেইজনমান বিশিষ্ট নেতা আৰু ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ (এনডিএ) সদস্যক মোডীৰ কেবিনেটত অন্তৰ্ভূক্তিৰ সম্ভাৱনা থকাৰ কথা ব্যক্ত কৰিছিল ।

মোডীৰ মন্ত্ৰীসভাৰ পৰা শিৱসেনা আৰু শিৰোমণি আকালি দলৰ নেতাৰ দলত্যাগ আৰু জন লোকশক্তি পাৰ্টীৰ ৰামবিলাস পাছোৱানৰ মৃত্যুৰ বাবে কেবিনেটৰ কেইবাটাও পদ খালী হৈ আছে । প্ৰধানমন্ত্ৰী মোডীৰ কাৰ্যকালৰ (পৰৱৰ্তী ৩ বছৰ) প্ৰশাসনিক শাসন বিকাশৰ লগতে পৰৱৰ্তী বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰীয়ে মন্ত্ৰীসভা সম্প্ৰসাৰণ কৰিবলৈ আগবাঢ়িছে বুলি চৰ্চা চলিছে । প্ৰধানমন্ত্ৰীৰ কেবিনেটত 81 জনীয়া পৰিষদৰ পৰিৱৰ্তে 53 জন মন্ত্ৰী আছে ।

প্ৰধানমন্ত্ৰীয়ে বাকী থকা 28 টা খালী পদ এইবাৰ পূৰণ কৰিব পাৰে বুলি চৰ্চা চলিছে । সূত্ৰ অনুসৰি, মোডী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালত সকলো মন্ত্ৰণালয়ৰ পৰ্যালোচনা কৰা হৈছে ৷ সেই অনুসৰি কেবিনেট সম্প্ৰসাৰণ আৰু পৰিৱৰ্তন কৰাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক :বুধবাৰে মোডী মন্ত্ৰীসভা সম্প্ৰসাৰণৰ সম্ভাৱনা

ABOUT THE AUTHOR

...view details