নিউজ ডেস্ক, 9 অক্টোবৰ:প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিখ্যাত সূৰ্য মন্দিৰ স্থিত গুজৰাটৰ মধেৰা গাঁৱক (Modhera Sun Temple) দেশৰ প্ৰথমখন সৌৰ শক্তি চালিত গাঁও হিচাপে ঘোষণা কৰিব ৷ গুজৰাটৰ ৰাজ্য চৰকাৰে জানিবলৈ দিছে এই কথা (India's first solar powered village Modhera) ৷ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে কয় যে, বিশুদ্ধ শক্তি উৎপাদনৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগীক পৰিপূৰ্ণ কৰাৰ ক্ষেত্ৰত গুজৰাটে আকৌ এবাৰ আগভাগ লৈছে ৷
2030 চনৰ ভিতৰত ভাৰতৰ শক্তিৰ প্ৰয়োজনীয়তাৰ 50 শতাংশ নবীকৰণযোগ্য শক্তিৰ জৰিয়তে উৎপাদন কৰাৰ তেওঁৰ সংকল্প পূৰণ কৰিবলৈ গুজৰাট চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি পেটেলে উল্লেখ কৰে (Gujarat CM bats for clean energy) ৷ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে মধেৰা সূৰ্য মন্দিৰৰ পৰা প্ৰায় 6 কিলোমিটাৰ দূৰত্বত মেহছানাৰ সুজ্জনপুৰাত থকা বেটাৰী শক্তি সংৰক্ষণ ব্যৱস্থাৰ (Battery Energy Storage System) সৈতে সংযুক্ত সৌৰশক্তি প্ৰকল্পৰ জৰিয়তে মধেৰাক 24 ঘণ্টাই সৌৰশক্তি প্ৰদানৰ বাবে ‘‘মধেৰা সূৰ্য মন্দিৰ আৰু নগৰৰ সৌৰায়ন’’ৰ আৰম্ভণি কৰে (Solarisation of Modhera Sun Temple and Town) ।
গুজৰাট চৰকাৰৰ বিবৃতি অনুসৰি, “এই প্ৰকল্পৰ জৰিয়তে মধেৰা হৈছে ভাৰতৰ প্ৰথমখন গাঁও যিয়ে নেট নবীকৰণযোগ্য শক্তি উৎপাদক হিচাপে পৰিগণিত হৈছে” । এই প্ৰকল্পৰ জৰিয়তে মানুহে বিদ্যুতৰ বিলত 60% ৰ পৰা 100% ৰাহি কৰিব বুলিও বিবৃতিটোত আৰু কোৱা হৈছে ।
মধেৰাৰ গাঁওবুঢ়া যতনবেন ঠাকুৰৰ মতে, সৌৰশক্তিৰ ব্যৱহাৰে নাগৰিকসকলৰ মাজত সমৃদ্ধি বৃদ্ধি কৰিছে । পূৰ্বে 1,000 টকাতকৈও বেছিকৈ অহা বিদ্যুতৰ বিল আজি প্ৰায় শূন্যলৈ হ্ৰাস পাইছে । সকলো সম্ভৱপৰ ঘৰতে বিনামূলীয়াকৈ Solar panel স্থাপন কৰা হৈছে । অতিৰিক্ত শক্তিৰ ক্ষেত্ৰত তেওঁলোকে অতিৰিক্ত উপাৰ্জন কৰিবলৈও সক্ষম হৈছে ৷
লগতে পঢ়ক:১ নৱেম্বৰৰ পৰা আকাশ বিমানত নিব পাৰিব পোহনীয়া জন্তু