অসম

assam

ETV Bharat / bharat

সামুদ্ৰিক সুৰক্ষা সন্দৰ্ভত UNSC ৰ বৈঠকত অধ্যক্ষতা নৰেন্দ্ৰ মোডীৰ

সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(Narendra Modi)য়ে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদ(United Nations Security Council)ৰ মুকলি বিতৰ্কৰ অধ্যক্ষতা কৰিব । 'সোমবাৰে সামুদ্ৰিক সুৰক্ষা বৃদ্ধি–আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ বাবে এক ঘটনা' শীৰ্ষক বিষয়ত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ মুকলি বিতৰ্ক অনুষ্ঠিত হ'ব । ভিডিঅ' কনফাৰেঞ্চযোগে অনুষ্ঠিত হ'বলগীয়া এই উচ্চ পৰ্যায়ৰ বৈঠকত কেইবাখনো ৰাষ্ট্ৰ তথা চৰকাৰৰ মুৰব্বীয়ে অংশগ্ৰহণ কৰিব ।

PM Modi to chair UNSC Open Debate on maritime security today
প্ৰথমবাৰৰ বাবে সামুদ্ৰিক সুৰক্ষা সন্দৰ্ভত UNSCৰ বৈঠকত অধ্যক্ষতা কৰিব ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে

By

Published : Aug 9, 2021, 1:27 PM IST

নেশ্যনেল ডেস্ক, ৯ আগষ্ট: প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ মুকলি বিতৰ্কত অধ্যক্ষ হিচাপে উপস্থিত থাকিব ভাৰতৰ প্ৰধানমন্ত্ৰী । সোমবাৰে সন্ধিয়া ৫.৩০ বজাত ভিডিঅ' কনফাৰেঞ্চযোগে এই বৈঠক অনুষ্ঠিত হ'ব । বৈঠকত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সদস্য ৰাষ্ট্ৰসমূহৰ মুৰব্বীয়ে অংশগ্ৰহণ কৰিব । এই উচ্চ পৰ্যায়ৰ মুকলি বিতৰ্কৰ অধ্যক্ষতা কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(Narendra Modi)য়ে ।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এই তথ্য জানিবলৈ দিছে । এই মুকলি বিতৰ্কত সামুদ্ৰিক অপৰাধ কাৰ্যকৰীভাৱে প্ৰতিৰোধ কৰাৰ উপায় আৰু সামুদ্ৰিক ক্ষেত্ৰত চুবুৰীয়া ৰাষ্ট্ৰৰ সৈতে সমন্বয় শক্তিশালী কৰাৰ ওপৰত আলোচনা কৰা হ'ব । ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে সামুদ্ৰিক সুৰক্ষা আৰু সামুদ্ৰিক অপৰাধৰ বিভিন্ন দিশৰ ওপৰত আলোচনা কৰাৰ লগতে কেইবাটাও প্ৰস্তাৱ গৃহীত কৰিছে বুলি প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে জানিবলৈ দিছে ।

যিহেতু কোনো দেশে অকলে সামুদ্ৰিক সুৰক্ষাৰ সমস্যা সমাধান কৰিব নোৱাৰে, সেয়ে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত এই বিষয়টো সামগ্ৰিকভাৱে বিবেচনা কৰাটো গুৰুত্বপূৰ্ণ ।

সামুদ্ৰিক ক্ষেত্ৰলৈ অহা ভাবুকিৰে মোকাবিলা কৰাৰ বাবে বৈধ সামুদ্ৰিক কাৰ্যকলাপ সুৰক্ষিত কৰাৰ লগতে এনে কাৰ্য-কলাপক সমৰ্থন কৰা উচিত ৷ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকাশ কৰা বিবৃতিত এইদৰে উল্লেখ আছে । প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে উল্লেখ কৰিছে যে, সিন্ধু সভ্যতাৰ সময়ৰ পৰাই মহাসাগৰে ভাৰতৰ ইতিহাসত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে । ২০১৫ চনত প্ৰধানমন্ত্ৰীয়ে মহাসাগৰৰ বহনক্ষম ব্যৱহাৰৰ বাবে সহযোগিতামূলক ব্যৱস্থাৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ কৈছিল ৷

এক সুৰক্ষিত আৰু স্থিৰ সামুদ্ৰিক ক্ষেত্ৰৰ বাবে এক ফ্ৰেমৱৰ্ক প্ৰস্তুত কৰাৰ বাবে অঞ্চলৰ সকলোৰে নিৰাপত্তা আৰু উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল প্ৰধানমন্ত্ৰীগৰাকীয়ে । আজি এই উচ্চ পৰ্যায়ৰ মুকলি বিতৰ্কত সামুদ্ৰিক সুৰক্ষাৰ দিশত কি কি গঠনমূলক আলোচনা হয় সেয়া লক্ষণীয় হ'ব ।

লগতে পঢ়ক: আজি বিশ্ব আদিবাসী দিৱস

ABOUT THE AUTHOR

...view details