অসম

assam

ETV Bharat / bharat

৯ আগষ্টত UNSCৰ মুকলি বিতৰ্কৰ সভাপতিত্ব কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে

৯ আগষ্টত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত সামুদ্ৰিক নিৰাপত্তা সন্দৰ্ভত অনুষ্ঠিত হ'বলগীয়া মুকলি বিতৰ্কৰ সভাপতিত্ব কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । ভাৰতে ১ জানুৱাৰীত ইউএনএছচি (UNSC)ৰ অস্থায়ী সদস্য ৰাষ্ট্ৰ হিচাপে দুবছৰীয়া কাৰ্যকাল আৰম্ভ কৰিছিল ।

PM Modi to chair debate at UNSC
৯ আগষ্টত UNSCৰ মুকলি বিতৰ্কত সভাপতিত্ব কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে

By

Published : Aug 3, 2021, 12:47 PM IST

নেশ্যনেল ডেস্ক, ৩ আগষ্ট :প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে (Prime Minister Narendra Modi) ৯ আগষ্টত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত সামুদ্ৰিক নিৰাপত্তা সন্দৰ্ভত অনুষ্ঠিত হ'বলগীয়া মুকলি বিতৰ্কৰ সভাপতিত্ব কৰিব । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে টুইটযোগে কয় যে, এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰী হিচাপে মোডীয়ে প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত মুকলি বিতৰ্কৰ সভাপতিত্ব কৰিব । উল্লেখ্য যে, ভাৰতৰ সভাপতিত্বত আগষ্ট মাহজুৰি ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ বৈঠক অনুষ্ঠিত হ'ব ।

ভাৰতে সামুদ্ৰিক সুৰক্ষা (maritime security), শান্তি ৰক্ষা (peacekeeping) আৰু সন্ত্ৰাসবাদ বিৰোধী (counter-terrorism) বিষয়ক লৈ আলোচনা কৰিবলগীয়া এই ভাৰ্চুৱেল বৈঠকক লৈ সমগ্ৰ দেশতে চৰ্চা অব্যাহত আছে । ভাৰতে ১ জানুৱাৰীত ইউএনএছচিৰ (UNSC) অস্থায়ী সদস্য ৰাষ্ট্ৰ হিচাপে দুবছৰীয়া কাৰ্যকাল আৰম্ভ কৰিছিল ।

অস্থায়ী সদস্য ৰাষ্ট্ৰ হিচাপে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত এইটো ভাৰতৰ সপ্তম কাৰ্যকাল ।ভাৰত ইয়াৰ পূৰ্বে ১৯৫০-৫১, ১৯৬৭-৬৮, ১৯৭২-৭৩, ১৯৭৭-৭৮, ১৯৮৪-৮৫ আৰু ১৯৯১-৯২ চনত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সদস্য আছিল ।

লগতে পঢ়ক:অসম-মিজোৰামৰ সমস্যা সমাধানৰ বাবে গৃহমন্ত্ৰীয়ে চেষ্টা কৰি আছে: মিজোৰামৰ ৰাজ্যপাল

ABOUT THE AUTHOR

...view details