নিউজ ডেস্ক, ২৭ মে' :প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে (PM Narendra Modi) শনিবাৰে নতুন দিল্লীৰ প্ৰগতি ময়দানৰ নতুন সন্মিলন কেন্দ্ৰত 'বিকশিত ভাৰত @২০৪৭ : টীম ইণ্ডিয়াৰ ভূমিকা' শীৰ্ষক বিষয়বস্তুৰ ওপৰত নীতি আয়োগৰ (NITI Aayog) অষ্টম পৰিচালনা পৰিষদৰ বৈঠকত সভাপতিত্ব কৰিব । উল্লেখ্য, নীতি আয়োগৰ অধ্যক্ষ হিচাপে প্ৰধানমন্ত্ৰী মোডীয়ে এই বৈঠকত সভাপতিত্ব কৰিব (PM Modi to chare 8th NITI meeting) ।
প্ৰধানমন্ত্ৰী মোডীয়ে ২০৪৭ চনৰ ভিতৰত ভাৰতক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে স্বাস্থ্য, দক্ষতা বিকাশ, মহিলা সবলীকৰণ আৰু আন্তঃগাঁথনি উন্নয়ন সম্পৰ্কীয় বিষয়সমূহৰ ওপৰত আলোচনা কৰিব (8th NITI governing council meeting) । "দিনজোৰা বৈঠকত আঠটা মূল বিষয়ত আলোচনা কৰা হ'ব । বিষয়কেইটা হৈছে বিকশিত ভাৰত @২০৪৭, এমএছএমই, আন্তঃগাঁথনি আৰু বিনিয়োগ, অনুপালন হ্ৰাস কৰা (Minimising Compliances), মহিলা সবলীকৰণ, স্বাস্থ্য আৰু পুষ্টি, দক্ষতা বিকাশ আৰু আঞ্চলিক উন্নয়ন আৰু সামাজিক আন্তঃগাঁথনিৰ বাবে গতি শক্তি । " নীতি আয়োগৰ সূত্ৰত এই কথা প্ৰকাশ ।
"বৈঠকত সকলো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুখ্যমন্ত্ৰী তথা উপ-ৰাজ্যপাল, কেন্দ্ৰীয় মন্ত্ৰীসকল, কৰ্তৃত্বশীল সদস্য আৰু নীতি আয়োগৰ উপাধ্যক্ষ আৰু সদস্যসকলে অংশগ্ৰহণ কৰিব ।" নীতি আয়োগৰ বিবৃতিত প্ৰকাশ । আনহাতে, অষ্টম পৰিচালনা পৰিষদৰ বৈঠকৰ প্ৰস্তুতিমূলক প্ৰস্তাৱ হিচাপে দ্বিতীয় মুখ্য সচিব সন্মিলন ২০২৩ চনৰ জানুৱাৰী মাহত অনুষ্ঠিত হৈছিল । উক্ত বৈঠকত এই বিষয়বোৰৰ ওপৰত বিস্তৃত আলোচনা কৰা হয় ।
"সন্মিলনৰ পূৰ্বে বিষয়বস্তুৰ বিশেষজ্ঞ, শিক্ষাবিদ আৰু কাৰ্য পৰিচালনাকাৰীসকলৰ সৈতে অংশীদাৰসকলৰ বিস্তৃত পৰামৰ্শ আৰু আলোচনা-চক্ৰ অনুষ্ঠিত হৈছিল যাতে তৃণমূল পৰ্যায়ৰ দৃষ্টিভংগী লাভ কৰিব পৰা যায় ।" বিবৃতিটোত লগতে কোৱা হৈছে । প্ৰধানমন্ত্ৰীয়ে অংশগ্ৰহণ কৰা দ্বিতীয় মুখ্য সচিব সন্মিলনত ভাৰত চৰকাৰৰ নিৰ্বাচিত সচিব আৰু সকলো ৰাজ্য তথা কেন্দ্ৰীয়শাসিত অঞ্চলবোৰৰ মুখ্য সচিবসকল একত্ৰিত হয় ।
উল্লেখ্য, বিশ্বৰ পঞ্চম সৰ্ববৃহৎ অৰ্থনীতি আৰু আটাইতকৈ জনবহুল ৰাষ্ট্ৰ হিচাপে ভাৰতে অৰ্থনৈতিক বিকাশৰ পথত এক নিৰ্দিষ্ট পৰ্যায়ত আছে । আশাকৰা হৈছে যে দেশখনে পৰৱৰ্তী ২৫ বছৰত দ্ৰুত বিকাশ লাভ কৰিব । বিজ্ঞপ্তিটোত এই কথাও কোৱা হৈছে । এই সন্দৰ্ভত অষ্টম পৰিচালনা পৰিষদৰ বৈঠকত ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ বাবে এক ৰোডমেপ সৃষ্টি কৰাৰ সুযোগ প্ৰদান কৰা হৈছে । য'ত কেন্দ্ৰ আৰু ৰাজ্যসমূহে টীম ইণ্ডিয়া হিচাপে একেলগে কাম কৰিব পাৰে ।
এই বৈঠকে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি কোৱা হৈছে । কিয়নো ভাৰতৰ আৰ্থ-সামাজিক বিকাশ আৰু পৰিৱৰ্তনে বিশ্বৰ ওপৰত এক ইতিবাচক আৰু গুণগত প্ৰভাৱ পেলাব পাৰে । নীতি আয়োগে লগতে কয়, "ভাৰতৰ জি-২০ সভাপতিত্বৰ (Indias G20 Presidency) পৰিপ্ৰেক্ষিততে এই অষ্টম পৰিচালনা পৰিষদৰ বৈঠকো অনুষ্ঠিত হৈছে । ভাৰতৰ জি-২০ নীতিবাক্য 'এক পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যত'-এ ইয়াৰ সভ্যতাৰ মূল্যবোধ আৰু আমাৰ গ্ৰহটোৰ ভৱিষ্যত সৃষ্টিত প্ৰতিখন দেশৰ ভূমিকাৰ বিষয়ে আমাৰ দৃষ্টিভংগী প্ৰকাশ কৰে ।"
লগতে পঢ়ক :Manipur violence update: মণিপুৰলৈ শান্তি ঘূৰাই অনাৰ প্ৰতিশ্ৰুতি কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ৰ