অসম

assam

ETV Bharat / bharat

UNSC বৈঠকত সভাপতিত্ব কৰা প্ৰথম ভাৰতীয় প্ৰধানমন্ত্ৰী হ'ব মোডী: চৈয়দ আকবৰুদ্দিন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ (UNSC) সভাপতিত্বৰ দায়িত্ব লাভ ভাৰতৰ । নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য ৰাষ্ট্ৰ হিচাপে ২০২১-২২ বৰ্ষৰ কাৰ্যকালত প্ৰথমবাৰলৈ সভাপতিত্ব কৰিছে ভাৰতে । দেশখনে অহা বছৰ দুবছৰীয়া কাৰ্যকালৰ অন্তিম মাহ অৰ্থাৎ ডিচেম্বৰত পুনৰ পৰিষদৰ সভাপতিত্ব গ্ৰহণ কৰিব । বৈঠকত সভাপতিত্ব কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী হ'ব দেশৰ প্ৰথমগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰী ।

UNSC meeting
মোডী হ'ব UNSC বৈঠকত সভাপতিত্ব কৰা প্ৰথম ভাৰতীয় প্ৰধানমন্ত্ৰী

By

Published : Aug 1, 2021, 7:54 PM IST

নেশ্যনেল ডেস্ক, ১ আগষ্ট :অস্থায়ী সদস্য ৰাষ্ট্ৰ হিচাপে ভাৰতৰ সভাপতিত্বত অনুষ্ঠিত হ'ব ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ(United Nations Security Council) বৈঠক । এই বিশেষ মুহূৰ্তত ৰাষ্ট্ৰসংঘত ভাৰতৰ প্ৰাক্তন দূত চৈয়দ আকবৰুদ্দিনে (Syed Akbaruddin) কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী হ'ব বৈঠকত সভাপতিত্ব কৰা দেশৰ প্ৰথমগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰী । ৰাষ্ট্ৰসংঘত ভাৰতৰ প্ৰাক্তন স্থায়ী প্ৰতিনিধি আকবৰুদিনে কোৱা মতে, ৭৫ বছৰতকৈও অধিক সময়ৰ ভিতৰত ভাৰতীয় ৰাজনৈতিক নেতৃত্বই প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰসংঘৰ ১৫ জনীয়া সংস্থাৰ এটা অনুষ্ঠানত সভাপতিত্ব কৰিছে । তেওঁৰ কয় যে, ইয়াৰ দ্বাৰা এটা কথা স্পষ্ট হৈছে যে ভাৰতৰ নেতৃত্বই সন্মুখৰ পৰা নেতৃত্ব দিবলৈ সক্ষম ।

উল্লেখ্য যে, দেওবাৰে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ(UNSC) সভাপতিত্বৰ দায়িত্ব লাভ কৰে ভাৰতে । নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য ৰাষ্ট্ৰ হিচাপে ২০২১-২২ বৰ্ষৰ কাৰ্যকালত প্ৰথমবাৰলৈ সভাপতিত্ব কৰিছে ভাৰতে । দেশখনে অহা বছৰ দুবছৰীয়া কাৰ্যকালৰ অন্তিম মাহ অৰ্থাৎ ডিচেম্বৰত পুনৰ পৰিষদৰ সভাপতিত্ব গ্ৰহণ কৰিব । এই সময়তে ভাৰতে সামুদ্ৰিক সুৰক্ষা(maritime security), শান্তি ৰক্ষা(peacekeeping) আৰু সন্ত্ৰাসবাদ বিৰোধীকে (counter-terrorism) ধৰি তিনিটা মুখ্য ক্ষেত্ৰত অনুষ্ঠান আয়োজন কৰিব ।

প্ৰধানমন্ত্ৰী মোডী, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ আৰু বৈদেশিক সচিব হৰ্ষ শৃংলাইও বিশ্বব্যাপী গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত উচ্চ পৰ্যায়ৰ বৈঠকত সভাপতিত্ব কৰিব । আকবৰুদ্দিনে কোৱা মতে ৭৫ বছৰৰো অধিক সময়ৰ ভিতৰত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অষ্টম কাৰ্যকালত প্ৰথম বাৰৰ বাবে এটা অনুষ্ঠানত সভাপতিত্ব কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে । এই বৈঠক ভাৰ্ছুৱেল মাধ্যমেৰে হ'ব যদিও ই দেশৰ বাবে ঐতিহাসিক ক্ষণ হিচাপে বিবেচিত হ'ব বুলি উল্লেখ কৰে আকবৰুদ্দিনে ।

শেষবাৰৰ বাবে ১৯৯২ চনত এজন ভাৰতীয় প্ৰধানমন্ত্ৰী হিচাপে তেতিয়াৰ প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাওৱে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ এখন বৈঠকত অংশ লৈছিল । ভাৰতে ফ্ৰান্সৰ পাচতে সভাপতিত্বৰ দায়িত্ব গ্ৰহণ কৰিছে । ৰাষ্ট্ৰসংঘত ভাৰতৰ ৰাষ্ট্ৰদূত (Ambassador of India to the United Nations) টি এছ তিৰুমূৰ্তিয়ে জুলাই মাহৰ বাবে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদ পৰিচালনা কৰাৰ বাবে ৰাষ্ট্ৰসংঘত ফ্ৰান্সৰ স্থায়ী প্ৰতিনিধি নিকোলাছ ডি ৰিভিয়েৰক ধন্যবাদ জ্ঞাপন কৰে ।

নিৰাপত্তা পৰিষদত ভাৰতৰ কাৰ্যকালত ফ্ৰান্সে দিয়া সকলো সমৰ্থনৰ বাবে ফ্ৰান্সক ধন্যবাদ জনাই তিৰুমূৰ্তিয়ে । তিৰুমূৰ্তিয়ে (TS Tirumurti) অৱগত কৰা মতে, ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদেও এই কাৰ্যসূচীত চিৰিয়া, ইৰাক, চোমালিয়া, য়েমেন আৰু মধ্য প্ৰাচ্যকে ধৰি কেইবাটাও বিষয়ত গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰিব । নিৰাপত্তা পৰিষদে লেবাননৰ ছোমালিয়া, মালি আৰু ৰাষ্ট্ৰসংঘৰ অন্তৱৰ্তীকালীন বাহিনীৰ ওপৰত গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰিব বুলি তেওঁ কয় । ভাৰতৰ সভাপতিত্বৰ প্ৰথম দিন হিচাপে সোমবাৰে তিৰুমূৰ্তিয়ে মাহটোৰ বাবে পৰিষদৰ কামৰ কাৰ্যসূচীৰ ওপৰত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰিব ।

লগতে পঢ়ক :ভাৰতৰ সভাপতিত্বত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ বৈঠক

ABOUT THE AUTHOR

...view details