নেশ্যনেল ডেস্ক, ২০ নৱেম্বৰ : উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ আৰক্ষীৰ মুখ্য কাৰ্যালয়ত ২০ নৱেম্বৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে আৰক্ষী সঞ্চালক প্ৰধান (DGP) আৰু আৰক্ষী মহাপৰিদৰ্শকৰ (IGP) ৫৬ সংখ্যক সন্মিলন । এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে (Prime minister Narendra Modi)। প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ আৰক্ষী সঞ্চালক প্ৰধান আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী (Central Armed Police Forces) আৰু কেন্দ্ৰীয় আৰক্ষী সংগঠনৰ (Central Police Organizations) মুৰব্বীসকলে সন্মিলনখনত অংশগ্ৰহণ কৰিব ।
ইয়াৰ উপৰিও প্ৰায় ৩৭ টা স্থানৰ পৰা আইবি আৰু এছআইবি (SIB) মুখ্য কাৰ্যালয়ৰ শীৰ্ষ বিষয়াসকলে ভাৰ্চুৱেলী এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব । মূলতঃ চাইবাৰ অপৰাধ (Cyber Crime), তথ্য শাসন(Data Governanc), সন্ত্ৰাসবাদ বিৰোধী প্ৰত্যাহ্বান (Counter-Terrorism challenges), বাওঁপন্থী উগ্ৰবাদ (Left Wing Extremism), নিচাজাতীয় সামগ্ৰী সৰবৰাহৰ প্ৰৱণতা (Narcotics trafficking), কাৰাগাৰ সংস্কাৰৰ (Prison Reforms) উপৰিও কেইবাটাও বিষয়ত এই সন্মিলনত আলোচনা কৰা হ'ব ।