নেচনেল ডেস্ক,3 মাৰ্চ:দেশক আত্ম নিৰ্ভৰশীল কৰি গঢ়ি তোলাত সহায় কৰাৰ বাবে শিক্ষা, গৱেষণা আৰু দক্ষতা বিকাশ আদি বিভিন্ন বিষয় সামৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি দেশবাসীক সম্বোধন কৰিব ৷ অফিচিয়েল টুইটাৰযোগে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ৰমেশ পোখৰিয়ালে এই কথা সদৰী কৰিছে ৷
আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ লক্ষেৰে প্ৰধানমন্ত্ৰীয়ে বুধবাৰে প্ৰথমটো উদ্বোধনী অনুষ্ঠান সম্বোধন কৰিব বুলি জানিবলৈ দি পোখৰিয়ালে টুইটযোগে এইবুলি কয়, "Prime Minister will be addressing the inaugural session on 'Harnessing Education, Research and Skill Development for an Atmanirbhar Bharat' on March 3 at 10:30 am" ৷