অসম

assam

ETV Bharat / bharat

বিশ্বভাৰতী বিশ্ববিদ্যালয় শতবৰ্ষ অনুষ্ঠানত ভাষণ দিব প্ৰধানমন্ত্ৰীয়ে

1921 চনত কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰৰ দ্বাৰা প্ৰতিষ্ঠিত বিশ্ব ভাৰতী দেশৰ ভিতৰতে এখন প্ৰাচীনতম বিশ্ব বিদ্যালয় ৷ 1951 চনৰ মে মাহত বিশ্ব ভাৰতীক সংসদীয় আইনৰ দ্বাৰা এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয় তথা দেশৰ অন্যতম গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান হিচাপে ঘোষণা কৰা হয় ৷

বিশ্বভাৰতী বিশ্ববিদ্যালয় শতবৰ্ষ অনুষ্ঠানত ভাষণ দিব প্ৰধানমন্ত্ৰীয়ে
বিশ্বভাৰতী বিশ্ববিদ্যালয় শতবৰ্ষ অনুষ্ঠানত ভাষণ দিব প্ৰধানমন্ত্ৰীয়ে

By

Published : Dec 24, 2020, 7:40 AM IST

নতুন দিল্লী, 24 ডিচেম্বৰঃপশ্চিমবংগৰ ঐতিহাসিক বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ৰ শতবৰ্ষ অনুষ্ঠানত অংশ গ্ৰহণ কৰিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ ভিডিঅ' কনফাৰেন্সযোগে বিশ্ব বিদ্যালয়খনৰ শতবৰ্ষ অনুষ্ঠানত ভাষণ প্ৰদান কৰিব প্ৰধান মন্ত্ৰীগৰাকীয়ে ৷

ৰবীন্দ্ৰ নাথ ঠাকুৰৰ সৈতে নিবিড়ভাৱে জড়িত আমাৰ শিক্ষাৰ কেন্দ্ৰ সমূহৰ ভিতৰত শান্তি নিকেতন অন্যতম #বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ৰ শতবৰ্ষ উদযাপনৰ দিশে অগ্ৰসৰ ৷ অহা 24 ডিচেম্বৰ পুৱা 11 বজাত সাজু থাকিব-এইদৰে টুইট কৰে প্ৰধান মন্ত্ৰী মোদীয়ে ৷

বিশ্ব ভাৰতী বিশ্ববিদ্যালয়,কলকাতা

পশ্চিমবংগৰ ৰাজ্যপাল আৰু শিক্ষামন্ত্ৰীয়েও ভাগ ল'ব এই অনুষ্ঠানত ৷

1921 চনত কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰৰ দ্বাৰা প্ৰতিষ্ঠিত বিশ্ব ভাৰতী দেশৰ ভিতৰতে এখন প্ৰাচীনতম বিশ্ব বিদ্যালয় ৷ 1951 চনৰ মে মাহত বিশ্ব ভাৰতীক সংসদীয় আইনৰ দ্বাৰা এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয় তথা দেশৰ অন্যতম গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান হিচাপে ঘোষণা কৰা হয় ৷

ৰবীন্দ্ৰ নাথ ঠাকুৰৰ অনুশাসন সমূহ এই বিশ্ববিদ্যালয় খনে অনুসৰণ কৰিছিল যদিও পৰৱৰ্তী সময়ত লাহে লাহে ই এখন আধুনিক বিশ্ববিদ্যালয় সমূহৰ দৰে আন আন দিশ সমূহো বিকশিত হৈছিল ৷ দেশৰ প্ৰধান মন্ত্ৰী হৈছে বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ৰ আচাৰ্য- প্ৰধান মন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা প্ৰেৰণ কৰা এক বিজ্ঞপ্তিত এই কথা প্ৰকাশ কৰিছে ৷

লগতে চাওকঃ অবৈধভাৱে ৰেলৰ টিকট বিক্ৰী: বঙাইগাঁৱত আৰপিএফ ৰ অভিযান

ABOUT THE AUTHOR

...view details