অসম

assam

ETV Bharat / bharat

মহামাৰীৰ মাজত সহায় আগবঢ়োৱাৰ বাবে G7 দেশসমূহক ধন্যবাদ প্ৰধানমন্ত্ৰীৰ - G7 বৈঠক

শনিবাৰে প্ৰাধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (Narendra Modi)য়ে G7 সন্মিলনৰ প্ৰথমখন প্ৰচাৰ বৈঠকত অংশগ্ৰহণ কৰে ৷ এই বৈঠকত প্ৰধানমন্ত্ৰী মোডীয়ে ক’ভিড 19 (Covid 19)ৰ সময়ছোৱাত G7 আৰু ইয়াৰ অন্যান্য অতিথি দেশসমূহে ভাৰতক কৰা সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ৷

PM Modi thanks G7 countries for support amid pandemic
মহামাৰীৰ মাজত সহায় আগবঢ়োৱাৰ বাবে G7 দেশসমূহক ধন্যবাদ প্ৰধানমন্ত্ৰীৰ

By

Published : Jun 13, 2021, 12:25 PM IST

নেশ্যনেল ডেস্ক, 13 জুন : শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে G7 সন্মিলনৰ প্ৰথমখন প্ৰচাৰ বৈঠকত অংশগ্ৰহণ কৰে ৷ ‘বিল্ডিং বেক ষ্টৰংগাৰ-হেল্থ’ শীৰ্ষক এই বৈঠকখননে কৰ’ণা মহামাৰীৰ পৰা বৈশ্বিক আৰোগ্য আৰু ভৱিষ্যতৰ মহামাৰীলৈও স্থিতিস্থাপকতা বৃদ্ধি সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে ৷

এই বৈঠকত প্ৰধানমন্ত্ৰী মোডীয়ে ক’ভিড 19 (Covid 19)ৰ সময়ছোৱাত G7 আৰু ইয়াৰ অন্যান্য অতিথি দেশসমূহে ভাৰতক কৰা সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ৷ এই বৈঠকত তেওঁ ক’ভিড (Covid 19)ৰ সৈতে যুঁজিবলৈ ভাৰতৰ ‘whole of society’ দৃষ্টিভংগী, চৰকাৰৰ সকলো স্তৰৰ প্ৰচেষ্টাক সমন্বয় কৰি তোলা আদি দিশ দাঙি ধৰে ৷

ইয়াৰ উপৰিও ভাৰতে ভাইৰাছৰ উপস্থিতি ধৰা পেলোৱাৰ লগতে ভেকচিন মেনেজমেণ্টৰ ক্ষেত্ৰত ‘অ’পেন চ’ৰ্চ ডিজিটেল টুলছ’ সমূহ সফলতাৰে ব্যৱহাৰ কৰা সন্দৰ্ভতো বাখ্যা আগবঢ়োৱাৰ উপৰিও ভাৰতে নিজৰ অভিজ্ঞতা আৰু দক্ষতা অন্যান্য উন্নয়নশীল দেশসমূহৰ সৈতে বিনিময় কৰাৰ বাবেও আগ্ৰহ প্ৰকাশ কৰে ৷ লগতে বিশ্ব স্বাস্থ্য শাসন উন্নত কৰাৰ বাবে ভৰতৰ সহযোগিতাৰ প্ৰতিশ্ৰুতিও প্ৰদান কৰে প্ৰধানমন্ত্ৰী মোডীয়ে ৷ দেওবাৰে G7 সন্মিলনৰ অন্তিমতো দিনত দুখনকৈ বৈঠকত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে ৷

লগতে পঢ়ক-TIPRAত যোগদান ত্ৰিপুৰা বিজেপিৰ ৰাজ্যিক সম্পাদিকাৰ

ABOUT THE AUTHOR

...view details