অসম

assam

ETV Bharat / bharat

PM Modi Slams Baghel government : ৰায়গড়ত প্ৰধানমন্ত্ৰীৰ নিৰ্বাচনী ৰণডংকা; গোবৰ দুৰ্নীতিৰ অভিযোগ বাঘেল চৰকাৰৰ বিৰুদ্ধে - PM Modi election campaign in Chhattisgarh

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী শুকুৰবাৰে ৰায়গড়ত উপস্থিত হয় । পোলা উৎসৱ উপলক্ষে প্ৰধানমন্ত্ৰীয়ে ৰাজ্যবাসীক শুভেচ্ছা জ্ঞাপন কৰে । প্ৰধানমন্ত্ৰী মোদীয়ে ৰায়গড়ত বিজেপিৰ বিজয় শংখনাদ ৰেলী সম্বোধন কৰে । এই সময়ছোৱাত প্ৰধানমন্ত্ৰীয়ে বাঘেল চৰকাৰৰ বিৰুদ্ধে গোবৰৰ দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰে ।

PM Modi Slams Baghel government
PM Modi Slams Baghel government

By ETV Bharat Assamese Team

Published : Sep 14, 2023, 7:53 PM IST

নিউজ ডেস্ক, ১৪ ছেপ্টেম্বৰ : ছত্তীশগড় ভ্ৰমণলৈ যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বৃহস্পতিবাৰে ৰায়গড়ত উপস্থিত হয় । তাত প্ৰধানমন্ত্ৰীয়ে এক নিৰ্বাচনী প্ৰচাৰ চলায় । প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰথমে পোলা উৎসৱ উপলক্ষে ছত্তীশগড়ৰ জনসাধাৰণক অভিনন্দন জনায় । তাৰ পিছত তেওঁ বিজেপিৰ বিজয় শংখনাদ ৰেলী সম্বোধন কৰে । এই সময়ছোৱাতে প্ৰধানমন্ত্ৰীয়ে ছত্তীশগড়ৰ বাঘেল চৰকাৰৰ বিৰুদ্ধে গোবৰৰ দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰে ।

প্ৰধানমন্ত্ৰী মোদীয়ে ছত্তীশগড় ভ্ৰমণত ৰায়গড়ত প্ৰথমে পোলা উৎসৱ উপলক্ষে পোলাৰ ষাঁড়ক অভিবাদন জনায় । তাৰ পিছত বিজেপি নেতাসকলে প্ৰধানমন্ত্ৰী মোদীক আদৰণি জনায় । প্ৰথমতে বিজেপিৰ ৰাজ্যিক সভাপতি অৰুণ চাওৱে প্ৰধানমন্ত্ৰী মোদীক আদৰণি জনায় । এই উপলক্ষে প্ৰধানমন্ত্ৰীক জি-২০ৰ প্ৰতীকো প্ৰদান কৰা হয় ।

প্ৰধানমন্ত্ৰীয়ে ছত্তীশগড়ত বিজয় শংখনাদ ৰেলী সম্বোধন কৰি ভাষণ প্ৰদান কৰে । আনহাতে, ধাৰাসাৰ বৰষুণতো জনসাধাৰণক ৰায়গড় লগ পোৱাৰ বাবে তেওঁ ধন্যবাদ জনায় । তেওঁ বৰষুণৰ মাজতো অহা লোকসকলক অভিবাদন জনাই কয়, "এয়া মোৰ বাবে আশীৰ্বাদৰ দৰে । মই মোৰ দেশত উৎসৱবোৰ দেখি আছোঁ । মই ছত্তীশগড়তো এই উৎসৱ দেখিছোঁ । কিছুদিন পূৰ্বে ভাৰতীয় বিজ্ঞানীসকলে ভাৰতক চন্দ্ৰলৈ লৈ গৈছে । ভাৰতৰ চন্দ্ৰযান উক্ত ঠাইত উপনীত হৈছে, য'ত পৃথিৱীৰ কোনো দেশ উপস্থিত হ'ব পৰা নাই । যেনেকৈ ইয়াৰ মানুহে কয় 'ছত্তীশগড়িয়া চবলে বঢ়িয়া', ঠিক তেনেদৰে বিশ্বৰ মানুহেও কৈছে যে 'ভাৰত হৈছে সকলোতকৈ বঢ়িয়া' ।

আনহাতে, ৰায়গড়ত প্ৰধানমন্ত্ৰীয়ে ছত্তীশগড় চৰকাৰক তীব্ৰ আক্ৰমণ কৰে । এক সমাবেশক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "ইয়াৰ পূৰ্বে ছত্তীশগড়ক নক্সালগড় বুলি জনা হৈছিল । এতিয়া ছত্তীশগড়ক উন্নয়নমূলক কামৰ বাবে চিনি পোৱা হৈছে । কেন্দ্ৰীয় চৰকাৰে এই সকলোবোৰ সলনি কৰাৰ কাম কৰিছে । ছত্তীশগড়ত কংগ্ৰেছ চৰকাৰ শাসনলৈ অহাৰ পিছৰে পৰা আমাৰ ছত্তীশগড়ৰ মানুহে কষ্ট পাইছে । ইয়াত থকা যুৱক-যুৱতীসকল লোকচানৰ সন্মুখীন হৈছে । আমি দেশৰ দৰিদ্ৰ পৰিয়ালবোৰক চাৰি কোটি ঘৰ দিছোঁ । আমি বিচাৰিছিলোঁ যে ছত্তীশগড়ৰ দৰিদ্ৰ পৰিয়ালবোৰেও প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ সুবিধা লাভ কৰিব লাগে । কিন্তু ইয়াত কংগ্ৰেছ চৰকাৰে এইটো হ'বলৈ দিয়া নাই । ছত্তীশগড় চৰকাৰে ইয়াত মানুহৰ অধিকাৰ কাঢ়ি নিয়াৰ কাম কৰিছে ।"

প্ৰধানমন্ত্ৰী মোদীয়ে বাঘেল চৰকাৰৰ বিৰুদ্ধে গোবৰৰ দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰে । "ছত্তীশগড়ৰ কংগ্ৰেছ চৰকাৰে দুৰ্নীতিত নিৰন্তৰ আগবাঢ়ি আছে । দেশবাসীয়ে কল্পনা কৰিব নোৱাৰে যে যদি কোনোবাই গোবৰৰ দুৰ্নীতিতো লিপ্ত হয়, তেন্তে তেওঁৰ মানসিকতা কি হ'ব ?"

তেওঁ লগতে কয়, "কংগ্ৰেছে ছত্তীশগড়ৰ ভগ্নীসকলক সুৰা নিষিদ্ধ কৰাৰ প্ৰতিশ্ৰুতি দিছিল । কিন্তু এই চৰকাৰে সুৰাৰ ক্ষেত্ৰত নিজেই এটা কেলেংকাৰী কৰিছে । তাৰ পিছত এই চৰকাৰে ডিএমএফ কেলেংকাৰী সংঘটিত কৰে । আমি বিচাৰিছিলোঁ জনজাতীয় ভগ্নী আৰু ভাতৃসকলে উন্নয়ন আৰু ডিএএমএফৰ পৰা সৰ্বাধিক লাভান্বিত হওক । বাঘেল চৰকাৰে কংগ্ৰেছৰ বাবে এটিএম হিচাপে কাম কৰি আছে । বাঘেল চৰকাৰে মিছা প্ৰচাৰ আৰু স্পষ্ট দুৰ্নীতিৰে কাম কৰি আছে । ৰাজ্যখন লুণ্ঠন কৰিবলৈ কাম কৰি আছে । কংগ্ৰেছৰ ট্ৰেক ৰেকৰ্ড আৰু বিজেপিৰ ট্ৰেক ৰেকৰ্ড আপোনালোকৰ সন্মুখত আছে ।"

লগতে পঢ়ক :PM Modi Madhya Pradesh visit : মধ্যপ্ৰদেশত প্ৰধানমন্ত্ৰীৰ কেইবাটাও অভিলাষী প্ৰকল্পৰ আধাৰশিলা স্থাপন

ABOUT THE AUTHOR

...view details