অসম

assam

By ETV Bharat Assamese Team

Published : Nov 13, 2023, 2:28 PM IST

ETV Bharat / bharat

Chhattishgarh Election 2023 : বাঘেল চৰকাৰক কটাক্ষ প্ৰধানমন্ত্ৰী মোদীৰ

ছত্তীশগড়ত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰাকক্ষণত মুংগেলীত বিজেপিৰ সংকল্প ৰেলীত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী মোদীৰ । ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে শাসকীয় কংগ্ৰেছ চৰকাৰক তীব্ৰ সমালোচনা কৰে । বাঘেল চৰকাৰক ছত্তীশগড়ৰ পৰা ওফৰাই দিয়াৰো দাবী কৰে ।

Chhattishgarh Election 2023
বাঘেল চৰকাৰক কটাক্ষ প্ৰধানমন্ত্ৰী মোদীৰ

নেশ্যনেল ডেস্ক,১৩ নৱেম্বৰ :'কংগ্ৰেছৰ ভিতৰচ'ৰাত কংগ্ৰেছৰ খেল চলি আছে । ছত্তীশগড়ৰ মুখ্যমন্ত্ৰীয়ে আঢ়ৈ বছৰীয়া শাসনৰ ম্যাদ সম্পূৰ্ণ কৰিছে ।' দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰাকক্ষণত প্ৰচাৰ সভাত কংগ্ৰেছ আৰু ছত্তীশগড়ৰ মুখ্যমন্ত্ৰীক তীব্ৰ আক্ৰমণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ । বিজেপিৰ সংকল্প মহাৰেলীত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ২০১৮ চনত চৰকাৰ গঠন হোৱাৰ পাছত কংগ্ৰেছে সিদ্ধান্ত লৈছিল যে আঢ়ৈ বছৰীয়া ম্যাদ ৰখা হ'ব । আঢ়ৈ বছৰ ধৰি মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে মুখ্যমন্ত্ৰীৰ গাদীত থকাৰ পাছতো ক্ষমতা ত্যাগৰ নাম লোৱা নাই । যেতিয়া আন নেতাই জোৰ দিয়ে বাঘেলে দিল্লীত উপস্থিত হয় । বাঘেলে দিল্লী দৰবাৰ অৰ্থাৎ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বক সম্পূৰ্ণৰূপে নিজৰ কৰি লৈছে । প্ৰধানমন্ত্ৰীৰ মতে কংগ্ৰেছ দলৰ আঢ়ৈ বছৰীয়া পুৰণি চুক্তি সমাপ্ত হৈছে । মুখ্যমন্ত্ৰীয়ে দিল্লী দৰবাৰৰ বাবে ছত্তীশগড়ৰ বুকু উদং কৰিছে বুলিও প্ৰধানমন্ত্ৰীয়ে অভিযোগ কৰে । আনহাতে দিল্লীৰ মানুহে ছত্তীশগড়ক ভয়ংকৰভাৱে লুটিছে বুলিও তেওঁ অভিযোগ কৰে ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এনে কলুষিত আৰু প্ৰৱঞ্চক চৰকাৰ যাব লাগিব । ছত্তীশগড়ৰ ৰাইজক তেওঁ ৩ ডিচেম্বৰত প্ৰকৃত দীপাৱালী উদযাপন কৰিবলৈ সাজু হ'বলৈও আহ্বান জনায় । মোদীয়ে গেৰাণ্টি দিছে যে এইবাৰ কংগ্ৰেছৰ এই শাসনৰ অন্ত পৰিব । কংগ্ৰেছ দলটো জনসাধাৰণৰ মাজত উন্মোচিত হৈছে আৰু এতিয়া কংগ্ৰেছ আৰু বাঘেল দুয়োজনে যোৱাটো নিশ্চিত বুলিও তেওঁ দাবী কৰে । প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে কংগ্ৰেছক লুণ্ঠন কৰিবলৈ অনুজ্ঞাপত্ৰৰ প্ৰয়োজন, কিন্তু যেতিয়ালৈকে মোদী আছে চৰকাৰে মানুহৰ ধন লুটিবলৈ নিদিয়ে ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে কংগ্ৰেছীসকল মোদীৰ হিংসাত মতলীয়া হৈ পৰিছে । মোদীক দুৰ্ব্যৱহাৰ কৰাৰ প্ৰসংগত অ'বিচিসকলকো তেওঁলোকে ককৰ্থনা কৰিছে । আনহাতে আদালতে কংগ্ৰেছক নিন্দা কৰিছে আৰু ক্ষমা বিচাৰিবলৈ কৈছে । কিন্তু কংগ্ৰেছে ক্ষমা বিচৰাও নাই বুলি উল্লেখ কৰে মোদীয়ে । কংগ্ৰেছে আদালত আৰু অ'বিচি সম্প্ৰদায়ক অসন্মান কৰিছে বুলিও প্ৰধানমন্ত্ৰী মোদীয়ে দাবী কৰে ।

মুংগেলীৰ সংকল্প ৰেলীত মোদীয়ে যিধৰণে কংগ্ৰেছক তীব্ৰ সমালোচনা কৰিছে সেয়া নিশ্চিতভাৱে বিজেপি কৰ্মীসকলক উৎসাহিত কৰিছে । কিন্তু ভোটদানৰ সময়ত এই উৎসাহে কিমান কাম কৰে সেয়া লক্ষণীয় হ'ব ।

লগতে পঢ়ক :Tamil Nadu fisherman rescued : ৪৩ ঘণ্টা সাঁতুৰি জীৱন ৰক্ষা সাহসী মাছমৰীয়াৰ

ABOUT THE AUTHOR

...view details