অসম

assam

ETV Bharat / bharat

প্ৰধানমন্ত্ৰী মোডীয়ে গ্ৰহণ কৰিলে ক’ভিড প্ৰতিষেধক - Narendra Modi

কোভিড 19 ৰ প্ৰতিষেধক গ্ৰহণ প্ৰধানমন্ত্ৰী মোডীৰ ৷ নতুন দিল্লীস্থিত এইমছত মোডীয়ে গ্ৰহণ কৰে ক’ভিডৰ প্ৰতিষেধক ৷

প্ৰধানমন্ত্ৰী মোডী
প্ৰধানমন্ত্ৰী মোডী

By

Published : Mar 1, 2021, 7:58 AM IST

Updated : Mar 1, 2021, 9:02 AM IST

নতুন দিল্লী,1 মাৰ্চ:প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গ্ৰহণ কৰিলে প্ৰথম পালি ক’ভিড 19 প্ৰতিষেধক ৷ সোমবাৰে পুৱা প্ৰধানমন্ত্ৰী গৰাকীয়ে ৰাজধানী চহৰ নতুন দিল্লীস্থিত এইমছত উপস্থিত হৈ গ্ৰহণ কৰে ক’ভিডৰ প্ৰতিষেধক ৷ ইতিমধ্যে প্ৰধানমন্ত্ৰী গৰাকীয়ে এই বিষয়ে টুইটযোগে প্ৰকাশ কৰিছে ৷

মোডীয়ে টুইটত কোভিড 19 ৰ বিৰুদ্ধে যুঁজত অৱতীৰ্ণ চিকিৎসক আৰু বৈজ্ঞানিকসকলক প্ৰশংসাৰে ওপচাই সকলোকে কোভিডৰ প্ৰতিষেধক গ্ৰহণ কৰিবলৈ উৎসাহিত কৰে ৷ প্ৰতিষেধক গ্ৰহণ কৰি ভাৰতক কোভিড 19 মুক্ত কৰিবলৈ নৰেন্দ্ৰ মোডীয়ে দেশবাসীক আহ্বান জনায় ৷ উল্লেখ্য যে, প্ৰধানমন্ত্ৰী গৰাকীয়ে ডিঙিত গামোচা পৰিধান কৰি কোভিড 19 ৰ প্ৰতিষেধক গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ৷

লগতে চাওকঃ৫৮ দিনৰ অন্তত পুনৰ মুকলি শ্ৰীনগৰ-লেহ ঘাইপথ

Last Updated : Mar 1, 2021, 9:02 AM IST

ABOUT THE AUTHOR

...view details