অসম

assam

ETV Bharat / bharat

ভিয়েটনামৰ প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপ নৰেন্দ্ৰ মোডীৰ

ভাৰত(India) আৰু ভিয়েটনাম(Vietnam)ৰ ব্যাপক কৌশলগত অংশীদাৰিত্ব সন্দৰ্ভত ভিয়েটনামৰ প্ৰধানমন্ত্ৰী ফাম মিনহ ছিনহ(Pham Minh Chinh)ৰ সৈতে আলোচনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(Narendra Modi)ৰ । নিয়ম ভিত্তিক ভাৰত মহাসাগৰ অঞ্চল সন্দৰ্ভত মতামত আগবঢ়ায় দুয়োগৰাকীয়ে । ভাৰতত ক'ভিড-১৯ মহামাৰীৰ দ্বিতীয় ঢৌৰ সংক্ৰমণ অব্যাহত থকা সময়ত ভিয়েটনাম চৰকাৰ আৰু দেশখনৰ জনসাধাৰণে আগবঢ়োৱা সমৰ্থনৰ বাবে প্ৰধানমন্ত্ৰী মোডীয়ে ভিয়েটনামৰ প্ৰধানমন্ত্ৰী ফাম মিনহ ছিনহক ধন্যবাদ জ্ঞাপন কৰে ।

PM Modi spoke with his Vietnamese counterpart Pham Minh Chinh
ভিয়েটনামৰ প্ৰধানমন্ত্ৰীৰে আলোচনা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

By

Published : Jul 11, 2021, 12:33 PM IST

নেশ্যনেল ডেস্ক, 11 জুলাই: দেশত ক'ভিড-১৯ মহামাৰীৰ ভয়াৱহতা অব্যাহত থকাৰ সময়তে শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(Narendra Modi)য়ে ভিয়েটনামৰ প্ৰধানমন্ত্ৰী ফাম মিনহ ছিনহ(Pham Minh Chinh)ৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰে । দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে নিয়ম ভিত্তিক ভাৰত মহাসাগৰ অঞ্চল সন্দৰ্ভত নিজৰ মতামত আগবঢ়ায় । প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে, আঞ্চলিক সুস্থিৰতাৰ প্ৰসাৰৰ ক্ষেত্ৰত ভাৰত(India) আৰু ভিয়েটনাম(Vietnam)ৰ ব্যাপক কৌশলগত অংশীদাৰিত্বই বিশেষ অৰিহণা যোগাব পাৰে ।

কিয়নো দুয়োখন দেশে এক মুক্ত, সামগ্ৰিক, শান্তিপূৰ্ণ আৰু নিয়ম ভিত্তিক ভাৰত মহাসাগৰ অঞ্চল সন্দৰ্ভত একেই মত পোষণ কৰে । ভিয়েটনামৰ প্ৰধানমন্ত্ৰী ফামৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপতে প্ৰধানমন্ত্ৰী মোডীয়ে ভিয়েটনামৰ প্ৰধানমন্ত্ৰীৰ দায়িত্ব লাভ কৰাৰ বাবে ফাম মিনহ ছিনহ(Pham Minh Chinh)ক অভিনন্দন জ্ঞাপন কৰে । লগতে তেওঁৰ নিৰ্দেশনাতে ভাৰত-ভিয়েটনামৰ ব্যাপক কৌশলগত অংশীদাৰিত্ব অধিক শক্তিশালী হৈ থাকিব বুলি মন্তব্য কৰে ।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক বিবৃতিযোগে এই টেলিফোনিক বাৰ্তালাপৰ বিষয়ে জানিবলৈ দিছে । এই বিবৃতিটোত উল্লেখ কৰা হৈছে যে, প্ৰধানমন্ত্ৰী মোডীয়ে গুৰুত্ব আৰোপ কৰিছে যে, যিহেতু দুয়োখন দেশে এক মুক্ত, সামগ্ৰিক, শান্তিপূৰ্ণ আৰু নিয়ম ভিত্তিক ভাৰত মহাসাগৰ অঞ্চল সন্দৰ্ভত একে মত পোষণ কৰে ৷ ভাৰত-ভিয়েটনামৰ ব্যাপক কৌশলগত অংশীদাৰিত্বই আঞ্চলিক স্থিৰতা, সমৃদ্ধি আৰু উন্নয়নত অৰিহণা যোগোৱাৰ থল আছে ।

এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোডীয়ে লগতে উল্লেখ কৰে যে, ভাৰত আৰু ভিয়েটনাম দুয়োখন দেশ বৰ্তমান ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সহযোগী সদস্য । ভাৰতত ক'ভিড-১৯ মহামাৰীৰ দ্বিতীয় ঢৌৱে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰা সময়ত ভিয়েটনাম চৰকাৰ আৰু দেশখনৰ জনসাধাৰণে আগবঢ়োৱা সমৰ্থনৰ বাবে প্ৰধানমন্ত্ৰী মোডীয়ে ভিয়েটনামৰ প্ৰধানমন্ত্ৰী ফাম মিনহ ছিনহক ধন্যবাদ জ্ঞাপন কৰে । দুয়োগৰাকী নেতা এই কথাত সন্মত হয় যে, মহামাৰীৰ বিৰুদ্ধে এখন দেশে চলোৱা প্ৰচেষ্টাক সমৰ্থন কৰিবলৈ দুয়োখন দেশে পৰামৰ্শ আৰু সহযোগিতা আগবঢ়াব লাগে ।

দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে দ্বিপাক্ষিক সম্পৰ্কৰ স্থিতি সন্দৰ্ভত পৰ্যালোচনা কৰে ৷ লগতে সহযোগিতাৰ বিভিন্ন ক্ষেত্ৰত তেওঁলোকৰ মতামত প্ৰকাশ কৰে । ২০২২ বৰ্ষত দুয়োখন দেশৰ মাজত কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৫০ সংখ্যক বাৰ্ষিকী উদযাপন কৰা হ'ব বুলি দুয়োগৰাকী নেতা ঠিৰাং কৰে । লগতে প্ৰধানমন্ত্ৰী মোডীয়ে ভিয়েটনামৰ প্ৰধানমন্ত্ৰী ফাম মিনহ ছিনহক ভাৰতলৈ চৰকাৰী ভ্ৰমণসূচীৰ বাবে আমন্ত্ৰণ জনায় ।

লগতে পঢ়ক: ৬০,০০০ কিল’মিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ লক্ষ্য গাডকাৰীৰ

ABOUT THE AUTHOR

...view details