অসম

assam

ETV Bharat / bharat

নিভাৰৰ ক্ষতিপূৰণ সন্দৰ্ভত তামিলনাডুৰ মুখ্য়মন্ত্ৰীৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰীৰ

শুকুৰবাৰে তামিলনাডুৰ মুখ্য়মন্ত্ৰী এডাপ্পাদি পালানিস্বামীৰ সৈতে টেলিফোনিক বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোদীৰ ৷ ৰাজ্য়খনত নিভাৰত আহতসকলক প্ৰতিগৰাকীকে 50,000 নগদ ধন আৰু মৃতকসকলৰ পৰিয়ালক 2 লাখকৈ টকা ঘোষণা প্ৰধানমন্ত্ৰীৰ ৷

PM Modi speaks to Tamil Nadu CM
তামিলনাডুৰ মুখ্য়মন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ

By

Published : Nov 28, 2020, 11:51 AM IST

নিউজ ডেস্ক,28 নৱেম্বৰ : দেশৰ দক্ষিণ প্ৰান্তত কালৰূপ ধাৰণ কৰা নিভাৰ ঘূৰ্ণীবতাহত ক্ষতিগ্ৰস্ত লোকসকলৰ ক্ষতিপূৰণ সন্দৰ্ভত শুকুৰবাৰে তামিলনাডুৰ মুখ্য়মন্ত্ৰী এডাপ্পাদি পালানিস্বামীৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ ৰাজ্য়খনত নিভাৰত আহতসকলক প্ৰতিগৰাকীকে 50,000 নগদ ধন আৰু মৃতকসকলৰ পৰিয়ালক 2 লাখকৈ টকা ঘোষণা কৰে প্ৰধানমন্ত্ৰী মোদীয়ে ৷

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক টুইটযোগে কয় যে, ক্ষতিগ্ৰস্তসকলক উদ্ধাৰ আৰু সকাহ প্ৰদানৰ অৰ্থে কেন্দ্ৰীয় উদ্ধাৰকাৰী দলসমূহক তামিলনাডুলৈ প্ৰেৰণ কৰা হৈছে ৷ লগতে প্ৰধানমন্ত্ৰী মোদীয়ে এই ঘূৰ্ণীবতাহত নিহত হোৱা প্ৰতিগৰাকী ব্যক্তিলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷

উল্লেখ্য় যে,মুখ্য়মন্ত্ৰী পালানিস্বামীয়ে বৃহস্পতিবাৰে কাড্ডালোৰ জিলাৰ অন্তৰ্গত ঘূৰ্ণীবতাহত ক্ষতিগ্ৰস্ত কেইবাটাও অঞ্চল পৰিদৰ্শন কৰে আৰু ক্ষতিপূৰণৰ বাবে সাহাৰ্য প্ৰদানৰ আশ্বাস দিয়ে ৷

লগতে পঢ়ক :মুম্কিন: যুৱ প্ৰজন্মৰ বিকাশৰ বাবে জম্মু-কাশ্মীৰত নতুন আঁচনি

ABOUT THE AUTHOR

...view details