নিউজ ডেস্ক, ২০ নৱেম্বৰ :উত্তৰকাশীৰ চিল্কিয়াৰাৰ সমীপৰ সুৰংগটোত আবদ্ধ হৈ থকা শ্ৰমিকসকলক নিৰাপদে উদ্ধাৰৰ বাবে চলি থকা সাহায্য আৰু উদ্ধাৰ অভিযানৰ বিষয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীৰ পৰা টেলিফোনিক বাৰ্তালাপ কৰে । তেওঁ লগতে মুখ্যমন্ত্ৰীৰ পৰা সুৰংগটোত আবদ্ধ শ্ৰমিকসকলৰ তথ্যও লয় ।
একে সময়তে প্ৰধানমন্ত্ৰীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে প্ৰয়োজনীয় উদ্ধাৰ সঁজুলি আৰু প্ৰয়োজনীয় সম্পদ যোগান ধৰা হৈছে । কেন্দ্ৰীয় আৰু ৰাজ্যিক সংস্থাসমূহৰ মাজত অহৰহ সমন্বয়ৰ ফলত শ্ৰমিকসকলক নিৰাপদে উলিয়াই অনা হ’ব । কিন্তু আৱদ্ধ শ্ৰমিকসকলৰ মনোবল বজাই ৰখাৰ প্ৰয়োজন আছে ।
ইফালে সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য আৰু কেন্দ্ৰীয় সংস্থাসমূহে অহৰহ সমন্বয় আৰু তৎপৰতাৰে সাহায্যৰ কামত নিয়োজিত হৈ আছে । সুৰংগটোত আবদ্ধ হৈ থকা সকলো শ্ৰমিক নিৰাপদে আছে আৰু অক্সিজেন, পুষ্টিকৰ খাদ্যৰ লগতে পানী যোগান ধৰা হৈছে ।
ইয়াৰ সমান্তৰালভাৱে শ্ৰমিকসকলক নিৰাপদে উলিয়াই অনাতো সুনিশ্চিত কৰাৰ বাবে বিশেষজ্ঞৰ মতামত লৈ সংস্থাসমূহে কাম কৰি আছে । মুখ্যমন্ত্ৰীয়ে কয় যে তেওঁ নিজেই সেই স্থান পৰিদৰ্শন কৰি স্থানীয় পৰিদৰ্শন কৰি চলি থকা উদ্ধাৰ কামৰ ওপৰত চকু ৰাখিছে । ঘটনাস্থলীত স্বাস্থ্য বিভাগৰ দলকো মোতায়েন কৰা হৈছে ।