অসম

assam

By

Published : Jul 22, 2023, 2:12 PM IST

ETV Bharat / bharat

PM Modi slams Oppositions : বেংকৰ কেলেংকাৰীক লৈ বিৰোধীক সমালোচনা প্ৰধানমন্ত্ৰীৰ

নিযুক্তি পত্ৰ বিতৰণৰ সময়ত বিৰোধীক তীব্ৰ সমালোচনা কৰে প্ৰধানমন্ত্ৰী মোডীয়ে । পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত ফোন বেংকিং কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ প্ৰধানমন্ত্ৰীৰ ।

PM Modi slams Oppositions
বেংকৰ কেলেংকাৰীক লৈ বিৰোধীক সমালোচনা প্ৰধানমন্ত্ৰীৰ

নেশ্যনেল ডেস্ক,২২ জুলাই :ফোন বেংকিং কেলেংকাৰীক লৈ বিৰোধীক আক্ৰমণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ । প্ৰধানমন্ত্ৰী মোডীৰ মতে পূৰ্বৰ চৰকাৰৰ দিনত বেংকিং সেৱা কেলেংকাৰী সংঘটিত হৈছিল, যাৰ বাবে দেশৰ বেংকিং ব্যৱস্থা জুৰুলা হৈ পৰিছিল । ৰোজগাৰ মেলাত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰীয়ে এনেদৰে বিৰোধীক সমালোচনা কৰে ।

উল্লেখ্য যে শনিবাৰে দেশৰ প্ৰায় ৭০ হাজাৰ যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰা হয় । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে নিযুক্তি পত্ৰ বিতৰণ কৰে । সমগ্ৰ দেশৰে ৪৪ টাতকৈও অধিক স্থানত ৰোজগাৰ মেলাৰ আয়োজন কৰা হয় । এই মেলাত অংশগ্ৰহণকাৰীসকলক প্ৰধানমন্ত্ৰীয়ে সম্বোধন কৰে আৰু ভাষণৰ সময়ত বিৰোধীক সমালোচনা কৰে ।

লক্ষণীয়ভাৱে বেছি সংখ্যকেই বেংকিং খণ্ডত নিযুক্তি লাভ কৰিছে । যাৰ বাবে অনুষ্ঠানত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে ৰাজহুৱা বেংকসমূহ পূৰ্বে হাজাৰ হাজাৰ কোটি টকাৰ লোকচান আৰু এনপিএৰ বাবে জনাজাত আছিল আৰু এতিয়া সেইবোৰৰ অভিলেখ সংখ্যক লাভ হৈছে । 'ফোন বেংকিং' কেলেংকাৰী পূৰ্বৰ চৰকাৰৰ আটাইতকৈ ডাঙৰ কেলেংকাৰী আছিল বুলি প্ৰধানমন্ত্ৰীয়ে অভিযোগ কৰে ।

প্ৰধানমন্ত্ৰীয়ে অভিযোগ কৰে যে পূৰ্বৰ চৰকাৰৰ দিনত বেংকিং খণ্ডক ধ্বংস কৰা হৈছিল । কিছুমান শক্তিশালী নেতা আৰু প্ৰভাৱশালী লোকৰ পৰিয়ালৰ সদস্যসকলক হাজাৰ হাজাৰ কোটি টকাৰ ঋণ দিবলৈ ফোন বেংকিং ব্যৱহাৰ কৰি হৈছিল আৰু সেই ঋণবোৰ কেতিয়াও ঘূৰাই দিয়া হোৱা নাই । ইফালে সৰু বেংকসমূহ একত্ৰিত কৰি আৰু পেছাদাৰিত্ব ৰক্ষা কৰি বেংকৰ ব্যৱস্থাপনা শক্তিশালী কৰিবলৈ বিজেপি চৰকাৰে লোৱা কেইবাটাও পদক্ষেপৰ বিষয়েও উল্লেখ কৰে । এতিয়া এক ইতিবাচক পৰিৱেশে বিৰাজ কৰিছে বুলি দাবী কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ বাবে গঢ়ি উঠা সমগ্ৰ বিশ্বৰ বিশ্বাস আৰু আকৰ্ষণৰ সম্পূৰ্ণ ব্যৱহাৰৰ প্ৰয়াস কৰা উচিত ।

উল্লেখ্য যে নতুনকৈ নিযুক্তি প্ৰাপ্ত প্ৰাৰ্থীসকলে বিভিন্ন চৰকাৰী মন্ত্ৰালয় আৰু বিভাগত যোগদান কৰিব । চৰকাৰে কৰ্মযোগী প্ৰাৰম্ভ অনলাইন পাঠ্যক্ৰমৰ অধীনত তেওঁলোকৰ নিযুক্তি আৰু প্ৰশিক্ষণৰ জৰিয়তে যুৱ সশক্তিকৰণক এক নতুন গুৰুত্ব প্ৰদান কৰি আহিছে ।

লগতে পঢ়ক :Rozgar Mela 2023 : প্ৰধানমন্ত্ৰীয়ে ৭০ হাজাৰ যুৱক-যুৱতীক প্ৰদান কৰিব নিযুক্তি পত্ৰ

ABOUT THE AUTHOR

...view details