নিউজ ডেস্ক, ২৯ এপ্ৰিল :কৰ্ণাটকত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শনিবাৰে কংগ্ৰেছক পুনৰ এবাৰ আক্ৰমণৰ লক্ষ্য কৰি লয় (PM Modi slams Congress in Karnataka) । কংগ্ৰেছক সমালোচনাৰে থকা-সৰকা কৰে মোডীয়ে । এক প্ৰকাৰ কংগ্ৰেছ নেতাসকলক তুলাধুনা দিয়ে মোডীয়ে । কংগ্ৰেছৰ সভাপতি এম মল্লিকাৰ্জুন খাৰ্গেৰ 'বিষাক্ত সাপ' অভিধাৰ ওপৰত টিপ্পনি দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয় যে এতিয়ালৈকে কংগ্ৰেছ দল আৰু তাৰ নেতাসকলে তেওঁক ৯১ বাৰ বিভিন্ন ধৰণৰ গালি-গালাজ কৰিছে (congress leaders abused Modi 91 times) ।
আনহাতে, নিৰ্বাচনমুখী কৰ্ণাটকৰ প্ৰভাৱশালী লিংগায়ত সম্প্ৰদায়ক কংগ্ৰেছে অপব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰি প্ৰধানমন্ত্ৰীয়ে (Prime Minister Narendra Modi) লগতে কয় যে, বিশাল পুৰণি দলটোৱে আনকি বাবাচাহেব আম্বেদকাৰকো দুৰ্ব্যৱহাৰ কৰিছিল আৰু বীৰ সাভাৰকাৰকো গালি-গালাজ কৰিবলৈ এৰা নাছিল (Karnataka election 2023) । ২৯ মাৰ্চত নিৰ্বাচন ঘোষণা হোৱাৰ পিছত নিৰ্বাচনী প্ৰচাৰৰ বাবে ৰাজ্যখনলৈ প্ৰথমবাৰৰ বাবে অহা মোডীয়ে কংগ্ৰেছক আক্ৰমণ কৰি কয়, মানুহে ইয়াৰ অপব্যৱহাৰৰ উত্তৰ প্ৰতিটো ভোটৰ জৰিয়তে দিব । লগতে কংগ্ৰেছে বিজেপিৰ ওপৰত যিমানে বোকা ছটিয়াব সিমানে পদুম ফুলিব বুলিও মোডীয়ে কয় (Hitting out at Congress in Karnataka) ।
"কংগ্ৰেছে সাধাৰণ মানুহৰ বিষয়ে কোৱা সকলোকে ঘৃণা কৰে । যিসকলে তেওঁলোকৰ দুৰ্নীতি উলিয়াই আনে, যিসকলে তেওঁলোকৰ স্বাৰ্থপৰতাৰ ৰাজনীতিক আক্ৰমণ কৰে সেইসকলক কংগ্ৰেছে ঘৃণা কৰে । এনে লোকৰ বিৰুদ্ধে কংগ্ৰেছৰ ঘৃণা স্থায়ী হৈ গৈ আছে । এই নিৰ্বাচনতো কংগ্ৰেছে আকৌ এবাৰ মোক গালি-গালাজ কৰিবলৈ আৰম্ভ কৰিছে ।" মোডীয়ে কয় ।