নিউজ ডেস্ক, 12 এপ্ৰিল : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সোমবাৰে পশ্চিমবংগত কেইবাখনো ৰাজহুৱা সভাত সম্বোধন কৰিব । প্ৰধানমন্ত্ৰী মোডীয়ে দুপৰীয়া 12 বজাত পূৱ বৰ্ধমান জিলাত তালিত চাই চেণ্টাৰত এখন নিৰ্বাচনী জনসভা সম্বোধন কৰিব । ইয়াৰ পাছত বিয়লি 1.40 বজাত নাদিয়া জিলাৰ কল্যাণী বিশ্ববিদ্যালয়ৰ খেলপথাৰত আৰু উত্তৰ 24 পৰগণা জিলাৰ বাৰাসাত অঞ্চলত বিয়লি 3.10 বজাত এখন ৰেলীত অংশগ্ৰহণ কৰিব ৷
আনহাতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও আজি পশ্চিমবংগত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ৷ গৃহমন্ত্ৰীগৰাকীয়ে পুৱা 11.30 বজাত কালিম্পং জিলাত এক ৰাজহুৱা ৰেলীত অংশগ্ৰহণ কৰিব । এই ৰেলীৰ পাছতেই জলপাইগুৰি জিলাৰ ধুপগুৰি আৰু হেমতাবাদ বিধানসভা সমষ্টিত এখন ৰাজহুৱা সভা সম্বোধন কৰিব শ্বাহে । তেওঁ শিলিগুৰিতো এখন ৰাজহুৱা ৰেলীত অংশগ্ৰহণ কৰিব ।