অসম

assam

ETV Bharat / bharat

কৰ'ণাই আমাৰ ধৈৰ্যৰ পৰীক্ষা লৈছে : প্ৰধানমন্ত্ৰী - প্ৰধানমন্ত্ৰীৰ মতে কৰ'ণাই আমাৰ ধৈৰ্যৰ পৰীক্ষা লৈছে

ৰাইজক টীকাকৰণ সম্পৰ্কীয় উৰাবাতৰিৰ বলি নহ'বলৈ আৰু প্ৰতিগৰাকী ব্যক্তিক প্ৰতিষেধক ল’বলৈ আহ্বান প্ৰধানমন্ত্ৰী মোডীৰ । 'মন কি বাত' অনুষ্ঠানৰ ৭৬ তম খণ্ডত প্ৰধানমন্ত্ৰী মোডীয়ে জনসাধাৰণক বিদ্যমান পৰিস্থিতি সম্পৰ্কে কেৱল নিৰ্ভৰযোগ্য সূত্ৰৰ জৰিয়তে তথ্য সংগ্ৰহৰ আহ্বান জনায় ।

প্ৰধানমন্ত্ৰীৰ মতে কৰ'ণাই আমাৰ ধৈৰ্যৰ পৰীক্ষা লৈছে
প্ৰধানমন্ত্ৰীৰ মতে কৰ'ণাই আমাৰ ধৈৰ্যৰ পৰীক্ষা লৈছে

By

Published : Apr 25, 2021, 9:19 PM IST

নেশ্যনেল ডেস্ক,২৫ এপ্ৰিল :দেশত ক'ভিড-১৯ৰ ভয়াৱহ সংক্ৰমণৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেওবাৰে ৰাইজক টীকাকৰণ সম্পৰ্কীয় উৰাবাতৰিৰ বলি নহ'বলৈ আৰু প্ৰতিগৰাকী ব্যক্তিক টীকাকৰণৰ আহ্বান জনায় । প্ৰধানমন্ত্ৰী মোডীয়ে তেওঁৰ 'মন কি বাত' অনুষ্ঠানৰ ৭৬ তম খণ্ডত জনসাধাৰণক বিদ্যমান পৰিস্থিতি সম্পৰ্কে কেৱল নিৰ্ভৰযোগ্য সূত্ৰৰ জৰিয়তে তথ্য সংগ্ৰহৰ আহ্বান জনায় ।

তেওঁ লগতে সকলোকে নিচিন্ত থাকিবলৈ অনুৰোধ জনাই কয় যে, প্ৰতিখন ৰাজ্যলৈ কেন্দ্ৰই বিনামূলীয়াকৈ প্ৰতিষেধক প্ৰেৰণ কৰিছে যাতে ৪৫ বছৰৰ উৰ্ধৰ সকলোৱে ইয়াক গ্ৰহণ কৰিব পাৰে । আনহাতে ১ মে'ৰ পৰা ১৮ বছৰ উৰ্ধৰ ব্যক্তিৰ বাবে প্ৰতিষেধক উপলব্ধ হ'ব বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে ।

তেওঁ কয় যে, এতিয়া আনকি কৰ্পোৰেট খণ্ডসমূহেও তেওঁলোকৰ কৰ্মচাৰীসকলক প্ৰতিষেধক প্ৰদান কৰিব পাৰে। প্ৰধানমন্ত্ৰী মোডীয়ে চিকিৎসক আৰু অন্যান্য স্বাস্থ্যসেৱা কৰ্মীসকলৰ দ্বাৰা সামাজিক মাধ্যমত নিৰ্ভৰযোগ্য তথ্য ভাগ বতৰা কৰাৰ প্ৰচেষ্টাকো প্ৰশংসা কৰে । ফোনত চিকিৎসকৰ পৰা পৰামৰ্শ ল'বলৈ আহ্বান জনাইছে প্ৰধানমন্ত্ৰীগৰাকীয়ে । তেওঁ লক্ষ্য কৰিছে যে বহুতো চিকিৎসকে সামাজিক মাধ্যমত কৰ'ণাৰ বিষয়ে তথ্য শ্বেয়াৰ কৰাৰ দায়িত্ব লৈছে আৰু লগতে পৰামৰ্শ আগবঢ়াইছে । এই কাৰ্য অত্যন্ত প্ৰশংসনীয় বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোডীয়ে ।

প্ৰধানমন্ত্ৰীৰ মতে ক'ভিড-১৯ৰ দ্বিতীয় ঢৌৱে আমাৰ ধৈৰ্য আৰু দুখ সহ্য কৰিব পৰা সামৰ্থৰ পৰীক্ষা কৰি আছে । কৰ'ণাৰ প্ৰথমটো ঢৌত বহুতে নিজৰ আত্মীয়ক অকালতে হেৰুৱাইছিল যদিও সফলতাৰে তাক মোকাবিলা কৰি দেশবাসীৰ মনোবল বৃদ্ধি কৰিছিল । কিন্তু দ্বিতীয় ঢৌৱে দেশক পুনৰবাৰ জোঁকাৰি গৈছে বুলি ব্যক্ত কৰে প্ৰধানমন্ত্ৰীয়ে । ক'ভিডৰ দ্বিতীয় ঢৌৰ সৈতে মোকাবিলা কৰিবলৈ বহু ফাৰ্মা উদ্যোগ আৰু অক্সিজেন উৎপাদন প্ৰতিস্থানৰ লগত তেওঁ বৈঠকৰ আয়োজন কৰিছে ।

দেশৰ স্বাস্থ্য কৰ্মী আৰু চিকিৎসকসকলে বৰ্তমান কৰ'ণাৰ বিৰুদ্ধে এক বৃহৎ যুদ্ধত অৱতীৰ্ণ হৈছে । প্ৰধানমন্ত্ৰীগৰাকীৰ মতে যোৱা বছৰত তেওঁলোকে মহামাৰীটোৰ বিষয়ে বিভিন্ন ধৰণৰ অভিজ্ঞতা লাভ কৰিছে ।


লগতে পঢ়ক:বন জুয়ে দহিছে মিজোৰামৰ লেইলিংঙক

ABOUT THE AUTHOR

...view details