নিউজ ডেস্ক, ৮ ডিচেম্বৰ : উত্তৰাখণ্ড গোলকীয় বিনিয়োগকাৰী সন্মিলনত মুখ্য অতিথি হিচাপে উপস্থিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে এক ডাঙৰ মন্তব্য কৰিছে । তেওঁৰ তৃতীয় কাৰ্যকালৰ বিষয়ে এক ডাঙৰ ঘোষণা কৰিছে । প্ৰধানমন্ত্ৰী মোদীয়ে কেন্দ্ৰত বিজেপি চৰকাৰৰ তৃতীয় কাৰ্যকালৰ কথা উল্লেখ কৰি তিনিখন ৰাজ্যত পৰাজয়ৰ পিছত বিৰোধীক যেন কেঁচা ঘাত নিমখ সানি দিলে ।
দেহৰাদুনত অনুষ্ঠিত গ্লোবেল ইনভেষ্টৰ্ছ ছামিটত মুখ্য অতিথি হিচাপে উপস্থিত থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে দুপৰীয়া ১২.২৩ বজাৰ পৰা ১২.৫৫ বজালৈ ভাষণ প্ৰদান কৰে । এই সময়ছোৱাত তেওঁ কেইবাটাও ডাঙৰ কথা উল্লেখ কৰে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পুনৰ এবাৰ আগ্ৰাসী ৰূপত দেখা যায় ।
তেওঁ পাহাৰীয়া ৰাজ্যখনৰ কথা উল্লেখ কৰি উত্তৰাখণ্ডৰ ভূমিক দেৱভূমি বুলি অভিহিত কৰে । তেওঁ লগতে কয় যে এই ভূমিৰ প্ৰতি তেওঁ সদায় ঋণী হৈ থাকিব । প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে যেতিয়াই তেওঁ এই ভূমিৰ বাবে কিবা কৰাৰ সুযোগ লাভ কৰে, তেতিয়াই তেওঁৰ বাবে এক সৌভাগ্যৰ বিষয় হ'ব ।
নিজৰ কাৰ্যকাল সন্দৰ্ভতো মোদীয়ে এক ডাঙৰ কথা উল্লেখ কৰে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশত নিৰন্তৰ উন্নয়ন আৰু নীতি পৰ্যায়ৰ উন্নতিৰ ওপৰত ভাষণ প্ৰদান কৰি তেওঁ সকলো বিনিয়োগকাৰীক উত্তৰাখণ্ডত অধিক বিনিয়োগ কৰিবলৈ আহ্বান জনায় ।