নিউজ ডেস্ক, ২৬ জুন : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছয়দিনীয়া আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইজিপ্ত ভ্ৰমণ সামৰি দেওবাৰে নিশা ভাৰতলৈ উভতি আহে । এই দেশ দুখন ভ্ৰমণৰ সময়ছোৱাত কেইবাখনো গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰিত হয় । আনহাতে, দেশলৈ উভতি অহাৰ পিছত মোদীক দিল্লী বিমানবন্দৰত কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী মীনাক্ষি লেখি আৰু বিজেপি প্ৰধান জে পি নাড্ডাই আদৰণি জনায় । দিল্লীৰ বিজেপি নেতা তথা দলৰ সাংসদ হৰ্ষ বৰ্ধন, হংসৰাজ হংস আৰু গৌতম গম্ভীৰো উপস্থিত থাকে ।
বিদেশ ভ্ৰমণৰ পৰা ভাৰতলৈ উভতি অহাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিজেপি সভাপতি জে পি নাড্ডা আৰু অন্যান্য নেতাসকলক তেওঁৰ অনুপস্থিতিৰ সময়ছোৱাত ভাৰতত কি ঘটিছে সেই বিষয়ে সোধে । বিমানবন্দৰত প্ৰধানমন্ত্ৰী মোদীক আদৰণি জনাবলৈ যোৱা বিজেপি সাংসদ মনোজ তিৱাৰীয়ে কয়, "তেওঁ নাড্ডাজীক সোধে যে দেশৰ খবৰ কেনে । নাড্ডাজীয়ে তেওঁক কয় যে দলৰ নেতাসকলে তেওঁৰ চৰকাৰৰ ন বছৰৰ ৰিপোৰ্ট কাৰ্ড লৈ মানুহৰ ওচৰলৈ গৈ আছে আৰু দেশ সুখী ।"
আনহাতে, সাংবাদিকৰ সৈতে বাৰ্তালাপত বিজেপি সাংসদ পৰবেশ বাৰ্মাই কয় যে প্ৰধানমন্ত্ৰীয়ে সোধে যে তেওঁৰ অবৰ্তমানত দেশত কি ঘটিছে আৰু দলটোৰ ৰাজহুৱা প্ৰচাৰ কাৰ্যসূচী কেনেদৰে চলি আছে । "আমি তেওঁক সেই বিষয়ে অৱগত কৰাওঁ ।" তেওঁ কয় ।
উল্লেখ্য, প্ৰধানমন্ত্ৰীয়ে ২০ জুনত আমেৰিকা ভ্ৰমণ আৰম্ভ কৰিছিল । তাত তেওঁ নিউয়ৰ্কত ২১ জুনত নৱম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ বাবে ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত এক ঐতিহাসিক অনুষ্ঠানৰ নেতৃত্ব প্ৰদান কৰে । পিছত ৱাশ্বিংটন ডিচিত ৰাষ্ট্ৰপতি বাইডেনে তেওঁক হোৱাইট হাউছত উষ্ম আদৰণি জনায় । দুয়োগৰাকী নেতাই বৃহস্পতিবাৰে এক ঐতিহাসিক সন্মিলনত মিলিত হয় । তাৰ পিছত মোদীয়ে আমেৰিকান কংগ্ৰেছত ভাষণ প্ৰদান কৰে আৰু তেওঁৰ সন্মানত বাইডেনে আন বহু অতিথিৰ সৈতে হোৱাইট হাউছত ৰাষ্ট্ৰীয় নৈশভোজৰ আয়োজন কৰে ।