অসম

assam

ETV Bharat / bharat

ৰাষ্ট্ৰপতি ভৱনত ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰীক বিশেষ আদৰণি মোডীৰ - বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ

প্ৰথমবাৰলৈ ভাৰত ভ্ৰমণৰ কাৰ্যসূচীৰে নতুন দিল্লীত শনিবাৰে উপস্থিত হয় ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী মেট ফ্ৰেডৰিকছেন । মেট ফ্ৰেডৰিকছেনে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক সাক্ষাৎ কৰাৰ লগতে প্ৰধানমন্ত্ৰী মোডীৰ সৈতে দ্বি-পাক্ষিক বৈঠকত মিলিত হ'ব ।

Danish PM
ৰাষ্ট্ৰপতি ভৱনত ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰীক বিশেষ আদৰণি মোডীৰ

By

Published : Oct 9, 2021, 1:13 PM IST

নেশ্যনেল ডেস্ক, ৯ অক্টোবৰ :তিনিদিনীয়া ভ্ৰমণসূচীৰে প্ৰথমবাৰলৈ ভাৰতত উপস্থিত ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী মেট ফ্ৰেডৰিকছেন (Mette Frederiksen)। ভাৰতত উপস্থিত হোৱাৰ পাছতে ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰীগৰাকীক ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিশেষভাৱে আদৰণি জনায় । দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত (Rashtrapati Bhavan) প্ৰধানমন্ত্ৰী মেট ফ্ৰেডৰিকছেনক আদৰণি জনায় মোডীয়ে ।

ইয়াৰ পূৰ্বে নতুন দিল্লীৰ বিমানবন্দৰত উপস্থিত হোৱাৰ পাছতে প্ৰধানমন্ত্ৰী মেট ফ্ৰেডৰিকছেনক আদৰণি জনাই বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী মীনাক্ষী লেখিয়ে । এই ভ্ৰমণকালত ফ্ৰেডৰিকছেনে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক (Ram Nath Kovind) সাক্ষাৎ কৰিব আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে দ্বি-পাক্ষিক বৈঠকত মিলিত হ'ব । তেওঁ স্বেচ্ছাসেৱী সংস্থা, শিক্ষাৰ্থী আৰু নাগৰিক সমাজৰ সৈতেও বাৰ্তালাপ কৰিব ।

মেট ফ্ৰেডৰিকছেনৰ ভ্ৰমণক অতি গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰা হৈছে কিয়নো যোৱা মাৰ্চৰ পৰা ক'ভিড নিষেধাজ্ঞা বলৱৎ হোৱাৰ পাছত তেওঁ ভাৰত ভ্ৰমণ কৰা প্ৰথমগৰাকী ৰাষ্ট্ৰপ্ৰধান । ইফালে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড৹ এছ জয়শংকৰে এই বছৰৰ আৰম্ভণিতে ডেনমাৰ্ক ভ্ৰমণ কৰিছিল ।

উল্লেখ্য যে, ডেনমাৰ্কৰ সৈতে বাণিজ্যিক আৰু বিনিয়োগৰ এক শক্তিশালী সম্পৰ্ক আছে ভাৰতৰ । ভাৰতত ২০০ তকৈও অধিক ডেনমাৰ্কৰ কোম্পানী আছে আৰু ডেনমাৰ্কত ৬০ টাতকৈও অধিক ভাৰতীয় কোম্পানী আছে । নৱীকৰণযোগ্য শক্তি, পৰিষ্কাৰ প্ৰযুক্তি (renewable energy), পানী আৰু আৱৰ্জনা ব্যৱস্থাপনা, কৃষি আৰু পশুপালন, বিজ্ঞান আৰু প্ৰযুক্তি, আইচিটি, স্মাৰ্ট চিটি, শিপিং (shipping) আদিকে ধৰি ডিজিটাইজেচন আদিৰ ক্ষেত্ৰত দুয়োখন দেশৰ মাজত শক্তিশালী সহযোগিতা আছে ।

লগতে পঢ়ক :পুনৰ পৰ্যটকৰ বাবে মুকলি কৰা হ’ল ৰামোজী ফিল্ম চিটি

ABOUT THE AUTHOR

...view details