নেশ্যনেল ডেস্ক, ১৯ মে': টাউতে ঘূৰ্ণী বতাহে গুজৰাটৰ বিভিন্ন অংশত ধ্বংসলীলা চলোৱাৰ লগতে প্ৰায় ১৩ গৰাকীকৈ লোকৰ প্ৰাণ কাঢ়ি নিছে ৷ বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পীড়িত অঞ্চল পৰিদৰ্শন কৰে । ৰাজ্যখনৰ ভাৱনগৰত টাউতে ঘূৰ্ণী বতাহে বিধ্বস্ত কৰা ঠাইসমূহ পৰিদৰ্শন কৰি মোডীয়ে ৰাজ্যখনৰ পৰিস্থিতি সম্পৰ্কে পৰ্যালোচনা কৰে ।
বুধবাৰে পুৱাই মোডীয়ে দিল্লীৰ পৰা ভাৱনগৰত বিমানযোগে ৰাওনা হয় । বৈদ্যুতিক খুঁটা আৰু গছ-গছনি উভালি পেলোৱাৰ লগতে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত টাউতেৰ প্ৰভাৱে ঘৰ-দুৱাৰ আৰু বাট-পথ ধ্বংস কৰিছে বুলি জানিব পৰা গৈছে ৷
প্ৰাপ্ত তথ্য অনুসৰি, বতাহৰ প্ৰভাৱত ৰাজ্যখনৰ বহুকেইটা অংশত ধাৰাসাৰ বৃষ্টিপাত হয় ৷ প্ৰায় ৯৬ টা তালুকত চাৰি মিলিমিটাৰতকৈ অধিক বৰষুণ হোৱাৰ লগতে ছয়টা তালুকত ৮-৯ মিলিমিটাৰৰ বৰষুণ হৈছিল ৷