নেশ্যনেল ডেস্ক, 17 ছেপ্টেম্বৰ :শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন এক বৈঠকত মিলিত হয় (PM Modi presses President Putin) ৷ এই আলোচনা চক্ৰত স্থান পাই ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজৰ যুদ্ধৰ প্ৰসংগই ৷ আলোচনাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনক যুদ্ধ বন্ধ কৰিবলৈ আহ্বন জনায় (PM Modi presses President Putin to end conflict in Ukraine) ৷
তেওঁ কয় যে, বৰ্তমান যুদ্ধৰ যুগ নহয় (Today’s era is not of war said PM Modi) ৷ বিশ্বব্যাপী হোৱা খাদ্য আৰু শক্তি সুৰক্ষা সংকটৰ সমাধানৰ উপায় বিচাৰিব লাগে ৷ উল্লেখ্য যে, বৃহস্পতিবাৰে নিশা উজবেকিস্তানৰ ঐতিহাসিক চহৰ সমৰকন্দত উপস্থিত হয় ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ।
ছাংহাই সহযোগিতা সংস্থাৰ (SCO) সন্মিলনত অংশগ্ৰহণ কৰিবৰ বাবে উপস্থিত হয় প্ৰধানমন্ত্ৰীগৰাকী (PM Modi to attend SCO summit)। ছাংহাই সহযোগিতা সংস্থাৰ (SCO) সন্মিলনত মিলিত হোৱা দ্বিপাক্ষিক বৈঠকতে প্ৰধানমন্ত্ৰীগৰাকীয়ে ইউক্ৰেইনত শত্ৰুতা শীঘ্ৰে বন্ধ কৰাৰ আহ্বান জনায় ৷ লগতে গণতন্ত্ৰ, আলোচনা আৰু কূটনীতিৰ বিষয়ৰ ওপৰতো গুৰুত্ব আৰোপ কৰে ।
‘‘আজি বিশ্বত বিশেষকৈ উন্নয়নশীল দেশসমূহৰ সন্মুখত আটাইতকৈ প্ৰয়োজনীয় আৰু বিচাৰ্যৰ বিষয় কেইটা হৈছে খাদ্য সুৰক্ষা, ইন্ধন সুৰক্ষা আৰু সাৰ । সেয়ে এই সমস্যাবোৰৰ ওপৰত বিশ্লেষণ কৰি ইয়াৰ স্থায়ী সমাধান বিচাৰিব লাগে’’ ৷ ছাংহাই সহযোগিতা সংস্থাৰ (SCO) সন্মিলনত (SCO Summit 2022) প্ৰাৰম্ভিক ভাষণত এই মন্তব্য কৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷
আনহাতে, ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীৰ এই প্ৰস্তাৱৰ পাচতেই ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে কয়, ‘‘ৰাছিয়া-ইউক্ৰেনৰ সংঘৰ্ষক লৈ উদ্বিগ্ন ভাৰত ৷ সেয়া আমি জ্ঞাত ৷ সেয়ে যিমান সোনকালে সম্ভৱ হয় এই যুদ্ধ সমাপ্ত কৰাৰ প্ৰয়াস কৰিব’’ ৷