নেশ্যনেল ডেস্ক,১০ জুলাই :আজি সমগ্ৰ দেশতে ঈদ-উল-জুহা উদযাপন কৰা হৈছে । এই পৱিত্ৰ ঈদক লৈ ইছলাম ধৰ্মীলোক সকলৰ মাজত ব্যাপক উছাহ দেখিবলৈ পোৱা গৈছে । ইছলাম ধৰ্মী লোকসকলৰ এই পৱিত্ৰ ক্ষণত দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দেও দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে ।
টুইটযোগে ৰাষ্ট্ৰপতিগৰাকীয়ে শুভেচ্ছা জনায় কয় যে ঈদ-উজ-জুহা হৈছে ত্যাগ আৰু মানৱ সেৱাৰ প্ৰতীক (President Ram Nath Kovind sent Eid greeting)। 'আহক আমি এই সুযোগতে মানৱ জাতিৰ সেৱাত সমৰ্পিত কৰিবলৈ আৰু দেশৰ সমৃদ্ধি আৰু সামগ্ৰিক বিকাশৰ বাবে কাম কৰিবলৈ নিজকে সাজু কৰি লওঁ আহক ।'
ৰাষ্ট্ৰপতিগৰাকীৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও টুইটযোগে পৱিত্ৰ ঈদত দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে (PM Modi greets the nation on holy Eid)। প্ৰধানমন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰা মতে এই উৎসৱে আমাক মানৱজাতিৰ উন্নতিৰ বাবে সামূহিক কল্যাণ আৰু সমৃদ্ধিৰ মনোভাৱ কঢ়িয়াই অনাৰ দিশত কাম কৰিবলৈ অনুপ্ৰাণিত কৰিব ।
কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়েও টুইটযোগে ইছলাম ধৰ্মী লোকসকলক পৱিত্ৰ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছে । ইফালে ঈদ উপলক্ষ্যে পুৱাৰে পৰা ইছলাম ধৰ্মী লোকসকলৰ মাজত ব্যাপক ব্যস্ততা দেখিবলৈ পোৱা গৈছে । প্ৰতিটো মছজিদ, দৰগাহ, ঈদগাহ ময়দানত সমূহীয়া নামাজত অংশ লৈছে লোকসকলে ।
লগতে পঢ়ক :political crisis in Sri Lanka :ৰাষ্ট্ৰপতিৰ দলত্য়াগৰ দাবীত কলম্বোত সমৱেত জনতা