অসম

assam

ETV Bharat / bharat

PM Modi America visit : জ' বিডেন আৰু প্ৰধানমন্ত্ৰী মোডীৰ মাজত কি বিষয়ক লৈ হ'ব আলোচনা ? - Discussion on Indo Pacific relation

চলিত মাহৰ শেষৰ ফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আমেৰিকা ভ্ৰমণ কৰিব (PM Modi to visit America)। এই ভ্ৰমণকালত মোডীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ সৈতে কেইবাটাও বিষয়ত আলোচনা কৰিব । হোৱাইট হাউচৰ প্ৰেছ সচিব কেৰিন জিন পিয়েৰে এই সন্দৰ্ভত তথ্য প্ৰকাশ কৰিছে ।

PM Modi America visit
জ' বিডেন আৰু প্ৰধানমন্ত্ৰী মোডীৰ মাজত কি বিষয়ক লৈ হ'ব আলোচনা

By

Published : Jun 8, 2023, 2:21 PM IST

নেশ্যনেল ডেস্ক,৮ জুন :ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অহা ২২ জুনত আমেৰিকা ভ্ৰমণ কৰাৰ কথা আছে (PM Modi to visit America)। এই ভ্ৰমণক লৈ এতিয়া বিভিন্ন মহলত জল্পনা কল্পনাও আৰম্ভ হৈছে । এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰী মোডী আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ' বিডেনে ইণ্ডো-পেচিফিক সম্পৰ্ক সন্দৰ্ভত আলোচনা কৰিব বুলি এক চৰ্চা চলিছে ।

প্ৰধানমন্ত্ৰী মোডী আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ' বিডেনে এক মুক্ত, সমৃদ্ধ আৰু সুৰক্ষিত ইণ্ডো-পেচিফিক অঞ্চলৰ ৰণনীতিৰ বিষয়ে আলোচনা কৰিব বুলিও হোৱাইট হাউছৰ এক সূত্ৰই জনাইছে (Discussion on Indo Pacific relation)।

প্ৰেছ সচিব কেৰিন জিন-পিয়েৰে এই সন্দৰ্ভত কয় যে আমেৰিকাই এক সুৰক্ষিত ইণ্ডো-পেচিফিক অঞ্চলৰ প্ৰতি তেওঁলোকৰ প্ৰতিশ্ৰুতি শক্তিশালী কৰিব । দুয়োগৰাকী নেতাই প্ৰতিৰক্ষাৰ ওপৰত বিশেষ গুৰুত্ব দি কৌশলগত প্ৰযুক্তিৰ অংশীদাৰিত্ব বৃদ্ধিৰ বাবে তেওঁলোকৰ অংশীদাৰী সংকল্পৰ ওপৰতো গুৰুত্ব আৰোপ কৰিব । প্ৰধানমন্ত্ৰী মোডীয়ে ৰাষ্ট্ৰপতি জ' বিডেন আৰু ফাৰ্ষ্ট লেডী জিল বিডেনৰ আমন্ত্ৰণ ৰক্ষা কৰি ২২ জুনত আমেৰিকা ভ্ৰমণ কৰাৰ কথা আছে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী হৈছে প্ৰথমগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰী যিয়ে ২১ ৰ পৰা ২৪ জুনলৈ তেওঁৰ আগন্তুক আমেৰিকা ভ্ৰমণৰ সময়ত দ্বিতীয়বাৰৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কংগ্ৰেছৰ যুটীয়া বৈঠকত ভাষণ প্ৰদান কৰিব ।

ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতি জ' বিডেনৰ মাজত কি কি বিষয়ক লৈ আলোচনা হ'ব সেই সন্দৰ্ভত প্ৰেছ সচিবগৰাকীয়ে কয় যে এই ভ্ৰমণ সম্পৰ্কে তেওঁ আৰু একো ক'ব নোৱাৰে । ভ্ৰমণৰ তাৰিখ নিশ্চিত হ'লে সকলো কথা শ্বেয়াৰ কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে । তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰী মোডীৰ আগন্তুক ভ্ৰমণে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত গভীৰ আৰু ঘনিষ্ঠ অংশীদাৰিত্ব পুনৰ নিশ্চিত কৰিব । তেওঁ কয় যে এই বৈঠকত নিশ্চিতভাৱে সেউজ ইন্ধন আৰু মহাকাশ পৰিকল্পনাৰ বিষয়েও আলোচনা কৰা হ'ব । অৱশ্যে এতিয়ালৈ একো স্পষ্ট হোৱা নাই বুলিও তেওঁ উল্লেখ কৰে ।

লগতে পঢ়ক :US Defence Secretary on NATO : ভাৰত-প্ৰশান্ত মহাসাগৰত নাটো প্ৰতিষ্ঠাৰ চেষ্টা কৰা নাই; আমেৰিকাৰ প্ৰতিৰক্ষা সচিব

ABOUT THE AUTHOR

...view details