নেশ্যনেল ডেস্ক, 30 জানুৱাৰী:আজি অৰ্থাৎ 30 জানুৱাৰীত দেশজুৰি জাতিৰ পিতা মহাত্মা গান্ধীৰ 75 তম মৃত্যু বাৰ্ষিকী পালন (Mahatma Gandhi 75th death anniversary) কৰা হৈছে ৷ ১৯৪৮ চনৰ ৩০ জানুৱাৰীত দিল্লীৰ বিৰলা ভৱনত সন্ধিয়াৰ প্ৰাৰ্থনা সভাৰ পৰা আহি থকা অৱস্থা নাথুৰাম গডছেই মহাত্মা গান্ধীৰ বুকু ভেদি যোৱাকৈ গুলীয়াই হত্যা কৰিছিল (Tributes to Mahatma Gandhi)৷
বাপুৰ মৃত্যু বাৰ্ষিকী উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে (Prime Minister Narendra Modi)শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি টুইটত উল্লেখ কৰে যে "মই বাপুৰ পুণ্য তিথিত তেওঁক প্ৰণাম জনাইছো আৰু তেওঁক মহা চিন্তাধাৰাক স্মৰণ কৰিছো ৷ দেশৰ হকে শ্বহীদ হোৱা সকলোকে মই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। দেশে তেওঁলোকৰ ত্যাগ কেতিয়াও পাহৰিব নোৱাৰে ৷ লগতে আমাক এখন উন্নত ভাৰত গঢ়ি তুলিবলৈ সংকল্পবদ্ধ হোৱাত শক্তিশালী কৰিব ৷"
ইয়াৰোপৰি কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে (Congress MP Rahul Gandhi ) টুইট কৰে যে "বাপুৱে দেশক সকলো ধৰ্মৰ মৰম আৰু সমতাৰে জীয়াই থাকিবলৈ আৰু সত্যৰ বাবে যুঁজ দিবলৈ শিকাইছিল। এই শ্বহীদ দিৱসত দেশৰ পিতা মহাত্মা গান্ধীক স্মৰণ কৰিছো ৷"
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও (Union Home Minister Amit Shah)গান্ধীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি টুইটত উল্লেখ কৰে যে বাপুৱে দেশখনক আত্মনিৰভৰ হ’বলৈ অনুপ্ৰাণিত কৰিছিল। "মহাত্মা গান্ধীৰ মৃত্যু বাৰ্ষিকীত তেওঁক স্মৰণ কৰিছো, যিয়ে আমাক থলুৱা আৰু আত্মনিৰ্ভৰশীলতাৰ পথ অনুসৰণ কৰি দেশখন আত্মনিৰ্ভৰশীল কৰি গঢ়ি তুলিবলৈ অনুপ্ৰাণিত কৰিছিল । অমৃত কালত বাপুৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ দেশখনক পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখা, থলুৱা আৰু স্ব-ভাষাৰ ধাৰণা গ্ৰহণ কৰিলেহে গান্ধীজীৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ’ব ৷"