অসম

assam

ETV Bharat / bharat

Partition Horrors Remembrance Day : দেশ বিভাজনৰ বিভীষিকাৰ কথা স্মৰণ প্ৰধানমন্ত্ৰী মোদীৰ - Partition Horrors Remembrance Day celebration

বিভাজন বিভীষিকা স্মৃতি দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী মোদীয়ে সেই সময়ত প্ৰাণ হেৰুওৱা ভাৰতীয়সকলক স্মৰণ কৰে । ১৪ আগষ্টৰ দিনটো বিভাজনৰ সময়ত প্ৰব্ৰজন কৰিবলৈ বাধ্য হোৱা লোকসকলৰ ত্যাগ আৰু সংগ্ৰামৰ স্মাৰক হৈ থাকিব ।

Partition Horrors Remembrance Day
দেশ বিভাজনৰ বিভীষিকাৰ কথা স্মৰণ প্ৰধানমন্ত্ৰী মোডীৰ

By

Published : Aug 14, 2023, 2:24 PM IST

নেশ্যনেল ডেস্ক,১৪ আগষ্ট :দেশজুৰি আজি বিজেপিয়ে পালন কৰিছে বিভাজন বিভীষিকা স্মৃতি দিৱস । এই বিশেষ দিনটোত দেশ বিভাজনৰ সময়ত প্ৰাণ হেৰুওৱাসকলক স্মৰণ কৰা হৈছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ বিভাজনৰ বেদনাদায়ক দিনবোৰত প্ৰাণ হেৰুওৱা লোকসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । সেই ভয়ংকৰ দিনবোৰৰ কথা উল্লেখ কৰি তেওঁ মানুহৰ দুখ-কষ্টৰ বৰ্ণনা কৰে । বিভাজন বিভীষিকা স্মৃতি দিৱস উপলক্ষে তেওঁ কয় যে বিভাজনৰ সময়ত বৃহৎ পৰিমাণৰ সাম্প্ৰদায়িক হিংসা হৈছিল আৰু সেই সময়ত প্ৰাণ হেৰুওৱা ভাৰতীয়সকলক স্মৰণ কৰাৰ বাবেই এই বিশেষ দিনটো পালন কৰা হৈছে ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ১৪ আগষ্টৰ দিনটো বিভাজনৰ পাছত প্ৰব্ৰজন কৰিবলৈ বাধ্য হোৱাসকলৰ কষ্ট আৰু সংগ্ৰামৰ বাবে স্মৰণীয় হৈ থাকিব । উল্লেখ্য যে, ২০২১ চনত প্ৰধানমন্ত্ৰী মোদীয়ে ঘোষণা কৰিছিল যে ১৪ আগষ্টৰ দিনটো ভাৰতত বিভাজন বিভীষিকা স্মৃতি দিৱস হিচাপে পালন কৰা হ'ব ।

ইফালে, বিভাজন বিভীষিকা স্মৃতি দিৱস উপলক্ষে বিজেপিয়ে বিশেষ কাৰ্যসূচীৰ আয়োজন কৰিছে । উত্তৰ প্ৰদেশ বিজেপিৰ সাধাৰণ সম্পাদক সুভাষ যদুবংশৰ মতে, বিভাজনৰ ওপৰত আলোচনাচক্ৰ আৰু প্ৰদৰ্শনীৰ আয়োজন কৰা হ'ব । বিজেপি নেতাসকলে সোমবাৰে উত্তৰ প্ৰদেশত বিভাজনৰ শ্বহীদসকলক স্মৰণ কৰি 'বিভীষিকা স্মৃতি দিৱস' শীৰ্ষক এক মৌন সমদলৰ আয়োজন কৰিব । সুভাষ যদুবংশৰ মতে সেই সময়বোৰৰ ঘটনাবোৰ বুজি পোৱাৰ বাবে যাতে বৰ্তমানৰ প্ৰজন্মই ৰাষ্ট্ৰৰ ঐক্য আৰু অখণ্ডতা শক্তিশালী কৰাৰ ক্ষেত্ৰত অধিক সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব পাৰে তাৰ বাবে এই পদক্ষেপ লোৱা হৈছে ।

উত্তৰপ্ৰদেশৰ ৯৮ খন সাংগঠনিক জিলাত মৌন সমদল উলিওৱা হ'ব । বিজেপিয়ে "দেশ বিভাজনত স্থানচ্যুত হোৱা আৰু প্ৰাণ হেৰুওৱা লাখ লাখ ভাই-ভনীৰ সংগ্ৰাম আৰু ত্যাগ"ৰ ওপৰত আলোকপাত কৰাৰ লক্ষ্য আগত ৰাখিছে ।

লগতে পঢ়ক :Independence Day celebrations: লালকিল্লাৰ অনুষ্ঠানলৈ দেশৰ ১৮০০ গৰাকী লোকক বিশেষ অতিথিৰূপে আমন্ত্ৰণ

ABOUT THE AUTHOR

...view details