নেশ্যনেল ডেস্ক, ২৮ জুন: ১০০ সংখ্যক জন্ম বাৰ্ষিকীত প্ৰাক্তন প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাও (P V Narashimha Rao)ক শ্ৰদ্ধা নিবেদন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (Narendra Modi)য়ে । ১৯২১ চনৰ আজিৰ দিনটোতে তেলেংগানাৰ লাকনেপল্লীত পি ভি নৰসিংহ ৰাওৰ জন্ম হৈছিল । ১৯৯১ চনত প্ৰধানমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছত পাঁচ বছৰীয়া কাৰ্যকালত প্ৰবীণ কংগ্ৰেছ নেতা ৰাৱে ভাৰতীয় অৰ্থনীতিত ব্যাপক পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছিল । প্ৰধানমন্ত্ৰী মোডীয়ে টুইটযোগে প্ৰাক্তন প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাও(P V Narashimha Rao)লৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।
দেশৰ উন্নয়নত তেওঁৰ বহুমূলীয়া অৱদানৰ কথা ভাৰতবাসীয়ে আজিও মনত ৰাখিছে বুলি উল্লেখ কৰে । জ্ঞান আৰু বুদ্ধিৰে উন্নয়নমূলক কাম কৰাৰ বাবে সকলোৰে প্ৰিয় আছিল পি ভি নৰসিংহ ৰাও । প্ৰধানমন্ত্ৰী মোডীয়ে অনাতাঁৰ কেন্দ্ৰযোগে সম্প্ৰচাৰিত যোৱা বছৰৰ মন কি বাত অনুষ্ঠাৰ এটা ক্লিপো শ্বেয়াৰ কৰে, য'ত তেওঁ পি ভি নৰসিংহ ৰাও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিল ।
উল্লেখ্য যে, ভাৰতৰ অৰ্থনীতিৰ শোচনীয় অৱস্থাৰ ঐতিহাসিক পৰিৱৰ্তন ঘটিছিল পি ভি নৰসিংহ ৰাওৰ দিনতে । ইণ্টাৰনেশ্যনেল মনিটেৰী ফাণ্ডৰ নীতিসমূহৰ আধাৰত তেওঁ কেইবাটাও উল্লেখ্যনীয় পদক্ষেপ গ্ৰহণ কৰিছিল ।