অসম

assam

ETV Bharat / bharat

Gandhi Jayanti 2023 : ৰাজঘাটত মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জনালে প্ৰধানমন্ত্ৰী মোদীয়ে - মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন

আজি ১৫৪ সংখ্যক গান্ধী জয়ন্তী ৷ দেশৰ ভিন্ন প্ৰান্তত উদযাপন কৰা হৈছে মহামানৱ মহাত্মা গান্ধীৰ জন্ম জয়ন্তী ৷ গান্ধী জয়ন্তী উপলক্ষে সোমবাৰে ৰাষ্ট্ৰীয় ৰাজধানীৰ ৰাজঘাটত প্ৰধানমন্ত্ৰী মোদী উপস্থিত হৈ তেওঁ মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷

Gandhi Jayanti 2023
১৫৪ সংখ্যক গান্ধী জয়ন্তী

By ETV Bharat Assamese Team

Published : Oct 2, 2023, 9:14 AM IST

নেশ্যনেল ডেস্ক, ২ অক্টোবৰ : প্ৰতি বছৰে ২ অক্টোবৰৰ দিনটোত পালন কৰা হয় গান্ধী জয়ন্তী । গান্ধীজীক জাতিৰ পিতা বুলি কোৱা হয় ৷ কাৰণ সকলোৰে জ্ঞাত যে ১৯৪৭ চনৰ পিচৰ স্বাধীন ভাৰত হৈছে তেওঁৰ চিন্তা, কূটনীতি আৰু স্বাধীনতা সংগ্ৰামৰ অনন্য পদ্ধতিৰ অৱদান । দেশৰ স্বাধীনতা লাভৰ ক্ষেত্ৰত মহাত্মা গান্ধীৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ আছিল । গাজিয়াবাদৰ লগতো আছে তেওঁৰ বহু সম্পৰ্ক ।

চৌধুৰী চৰণ সিং বিশ্ববিদ্যালয়ৰ ইতিহাসৰ অধ্যাপক ড৹ কৃষ্ণকান্ত শৰ্মাৰ মতে, গাজিয়াবাদ জিলা ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত মেৰাটৰ অংশ আছিল । তেতিয়া গাজিয়াবাদ এখন সুকীয়া জিলা নাছিল । স্বাধীনতা আন্দোলনৰ সময়ত গান্ধীজী কেইবাবাৰো গাজিয়াবাদলৈ আহিছিল ।

১৫৪ সংখ্যক গান্ধী জয়ন্তী উপলক্ষে সোমবাৰে ৰাষ্ট্ৰীয় ৰাজধানীৰ ৰাজঘাটত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ তাৰ পাচত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহাত্মা গান্ধীৰ মহান বলিদানত স্মৰণ কৰি তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ কেৱল প্ৰধানমন্ত্ৰীগৰাকীয়েই নহয়, গান্ধী জয়ন্তী উপলক্ষে ৰাজঘাটত পুৱাই উপস্থিত হৈ মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ৷

X(পূৰ্বৰটুইটাৰ)যোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, ‘‘গান্ধী জয়ন্তী উপলক্ষে মহাত্মা গান্ধীক প্ৰণাম জনাইছো । তেওঁৰ কালজয়ী শিক্ষাই আমাৰ পথত আলোকিত কৰি আহিছে । তেওঁৰ সপোন পূৰণৰ দিশত আমি সদায় কাম কৰো আহক । তেওঁৰ চিন্তাধাৰাই প্ৰতিজন যুৱকক তেওঁ দেখা সপোন পুৰণ কৰিবলৈ সক্ষম কৰক ৷ সমগ্ৰ স্থানতে ঐক্য আৰু সমন্বয়ৰ বাৰ্তা প্ৰেৰণ কৰক।’’

উল্লেখ্য যে, গান্ধী জয়ন্তী মহাত্মা গান্ধীৰ জন্ম জয়ন্তী উপলক্ষে পালন কৰা এই দিৱসটো মহাত্মা গান্ধীয়ে প্ৰচাৰ কৰা অহিংসা আৰু সহনশীলতাৰ মূল্যবোধক সন্মান জনাই আন্তঃৰাষ্ট্ৰীয় অহিংসা দিৱস হিচাপেও পালন কৰা হয় ।

লগতে পঢ়ক :Gandhi Ghar at Sarania Hill: গুৱাহাটীৰ ‘গান্ধী ঘৰ’ত আজিও আছে মহাত্মা গান্ধীৰ মাদকতা

ABOUT THE AUTHOR

...view details