নেশ্যনেল ডেস্ক, 16 আগষ্ট: আজি ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ পঞ্চম মৃত্যু বাৰ্ষিকী । এই উপলক্ষে সমগ্ৰ দেশে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীলৈ যাচিছে শ্ৰদ্ধাঞ্জলি । ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়, প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী বাজপেয়ীৰ সমাধিস্থলত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । লগতে, লোকসভাৰ অধ্যক্ষ ওম বিৰলা, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক সুঁৱৰি পুষ্পাঞ্জলি অৰ্পণ কৰে । আনহাতে, নেচনেল ডেম’ক্ৰেটিক এলায়েন্স অৰ্থাৎ এন ডি এৰ মিত্ৰ দলসমূহেও এই শ্ৰদ্ধাঞ্জলি কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷
এই উপলক্ষে প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, প্ৰয়াত নেতাগৰাকীয়ে উৎসাহ যোগোৱাত গ্ৰহণ কৰিছিল গুৰুত্বপূৰ্ণ ভূমিকা । তেওঁ কয় যে, এগৰাকী প্ৰধানমন্ত্ৰী হিচাপে বাজপেয়ীয়ে দেশৰ উন্নয়ন আৰু উত্তৰণৰ বাবে গ্ৰহণ কৰিছিল গুৰুত্বপূৰ্ণ ভূমিকা । পূৰ্বতে টুইটাৰ নামেৰে পৰিচিত এক্সত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, বাজপেয়ীৰ নেতৃত্বত দেশে লাভ কৰিছিল এক বিশেষ মাত্ৰা ।