নিউজ ডেস্ক, 30 জানুৱাৰী : জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ ৭৪ তম মৃত্যু বাৰ্ষিকীত(Mahatma Gandhi 74th death anniversary) দেওবাৰে তেওঁলৈ শ্ৰদ্ধাঞ্জলি অপৰ্ণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে(PM pays tribute to Mahatma Gandhi) ৷ প্ৰধানমন্ত্ৰীয়ে জাতিৰ পিতাগৰাকীলৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰি বাপুক পূণ্যতিথিত স্মৰণ কৰাটো তেওঁৰ মহৎ আদৰ্শক অধিক জনপ্ৰিয় কৰাৰ আমাৰ সামূহিক প্ৰয়াস বুলি উল্লেখ কৰে ।
প্ৰধানমন্ত্ৰীয়ে লগতে শ্বহীদ দিৱসৰ দিনা আমাৰ দেশক সাহসেৰে সুৰক্ষা প্ৰদান কৰা সকলো মহান ব্যক্তিলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । তেওঁ এইসকল শ্বহীদৰ সেৱা আৰু সাহসিকতা সদায় স্মৰণীয় হৈ থাকিব বুলি টুইট কৰে । ইফালে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও শ্বহীদ দিৱসত মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে(Home Minister pays tribute to Mahatma Gandhi) ৷
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে বাপুৱে প্ৰতিজন ভাৰতীয়ৰ হৃদয়ত স্বদেশী, স্ব-ভাষা আৰু স্বৰাজভাৱ জাগ্ৰত কৰিছিল বুলি উল্লেখ কৰে । মহাত্মা গান্ধীৰ চিন্তা আৰু আদৰ্শই প্ৰতিজন ভাৰতীয়ক দেশৰ প্ৰতি সেৱা কৰিবলৈ সদায় অনুপ্ৰাণিত কৰিব বুলি শ্বাহে টুইটত উল্লেখ কৰে ।
উল্লেখ্য যে, দেশৰ স্বাধীনতাৰ ক্ষেত্ৰত মহাত্মা গান্ধীয়ে আগবঢ়োৱা অৱদানক সন্মান জনোৱাৰ বাবে মহাত্মা গান্ধীৰ মৃত্যুবাৰ্ষিকীৰ দিনটো প্ৰতি বছৰে শ্বহীদ দিৱস হিচাপে পালন কৰা হয় । ১৯৪৮ চনৰ ৩০ জানুৱাৰীত নাথুৰাম গডে্ছেয়ে মহাত্মা গান্ধীক গুলিয়াই হত্যা কৰিছিল ৷ কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা অনুসৰি প্ৰতি বছৰে ৩০ জানুৱাৰী দিনটোত সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত দুই মিনিটৰ মৌনতা পালন কৰা হয় ।
লগতে পঢ়ক :Tripura assembly election 2023: নিৰ্বাচনৰ পূৰ্বে ৰণনীতি প্ৰস্তুত কৰাত ব্যস্ত বিজেপিৰ বিসম্বাদী নেতাসকল