অসম

assam

ETV Bharat / bharat

গণৰাজ্য় দিৱসৰ প্ৰাকক্ষণত শিল্পীসকলৰ সৈতে মতবিনিময় প্ৰধানমন্ত্ৰীৰ - সৰ্বশ্ৰেষ্ঠ অৱদান আগবঢ়াবলৈ প্ৰধানমন্ত্ৰী মোডীয়ে অংশগ্ৰহণকাৰীসকলক আহ্বান জনায়

গণৰাজ্য় দিৱসত অংশ ল'বলগীয়া নৃত্যশিল্পী, এন চি চি কেডেট আদিক সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয় যে গণৰাজ্য দিৱসৰ পেৰেডত ভাৰতৰ সামাজিক-সাংস্কৃতিক ঐতিহ্য আৰু বৈচিত্ৰতাৰ আভাস পোৱা যায় । দেশৰ বাবে তেওঁলোকৰ সৰ্বশ্ৰেষ্ঠ অৱদান আগবঢ়াবলৈ প্ৰধানমন্ত্ৰী মোডীয়ে অংশগ্ৰহণকাৰীসকলক আহ্বান জনায় ।

গণৰাজ্য় দিৱসৰ প্ৰাকক্ষণত শিল্পীসকলৰ সৈতে মতবিনিময় প্ৰধানমন্ত্ৰীৰ
গণৰাজ্য় দিৱসৰ প্ৰাকক্ষণত শিল্পীসকলৰ সৈতে মতবিনিময় প্ৰধানমন্ত্ৰীৰ

By

Published : Jan 24, 2021, 10:29 PM IST

নিউজ ডেস্ক , ২৪ জানুৱাৰী : গণৰাজ্য় দিৱসলৈ মাজত মাত্ৰ কিছু ক্ষণ বাকী । দিল্লীত কেন্দ্ৰীয়ভাৱে উদযাপন হ'বলগীয়া গণৰাজ্য় দিৱসৰ কাৰ্যসূচীকলৈ প্ৰস্তুতি তুংগত উঠিছে । এইবাৰো এই কাৰ্যসূচীত অংশ ল'ব বহু শিল্পীয়ে আৰু সেয়ে শিল্পীসকলক উৎসাহিত কৰাৰ উদ্দেশ্য়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ এক আদৰণীয় পদক্ষেপ । গণৰাজ্য দিৱসৰ পেৰেডত অংশ ল'বলগীয়া শিল্পীসকলৰ সৈতে দেওবাৰে মতবিনিময় কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে ।

পেৰেডৰ অংশগ্ৰহণকাৰীসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে যেতিয়া তেওঁলোকে আবেগ আৰু উৎসাহেৰে ৰাজপথৰ কাষত আগবাঢ়ি যায় তেতিয়া প্ৰতিজন দেশকৰ্মীৰে মন উৎসাহেৰে ভৰি থাকে যাৰ বাবে দেশৰ সমৃদ্ধ কলা, সংস্কৃতি, পৰম্পৰা আৰু ঐতিহ্যৰ ক্ষেত্ৰত তেওঁলোকৰ এই পদক্ষেপ ভাৰতীয়ই গৌৰৱেৰে গ্ৰহণ কৰে । সেয়ে দেশৰ সামাজিক-সাংস্কৃতিক ঐতিহ্যৰ প্ৰশংসা কৰাৰ লগতে ভাৰতৰ নাগৰিকসকলক দেশৰ উন্নতিৰ বাবে সামৰ্থ্য় অনুযায়ী কাম কৰিবলৈ আহ্বান জনাই প্ৰধানমন্ত্ৰী গৰাকীয়ে ।

তেওঁ কয় যে দেশৰ স্বাধীনতাৰ বাবে সকলো ত্যাগ কৰাৰ সুযোগ নাপালেও নিশ্চিতভাৱে ৰাইজে সৰ্বশ্ৰেষ্ঠ প্ৰদান কৰাৰ সুযোগ লাভ কৰিছে সেয়ে ভাৰতক শক্তিশালী কৰিবলৈ ৰাইজে কাম কৰা উচিত ।সমান্তৰালকৈ দেশৰ সামাজিক-সাংস্কৃতিক দিশৰ লগতে ভাষা, খাদ্য় সম্ভাৰ আদি পৃথক হ'লেও ভাৰত সদায় এক বুলি দাবী কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে ।

লগতে পঢ়ক :দেওবাৰৰ পৰা শ্ৰীনগৰত পুনৰ আৰম্ভ বিমান চলাচল

ABOUT THE AUTHOR

...view details