নেশ্যনেল ডেস্ক,২৪ ফেব্ৰুৱাৰীঃবৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সম্বোধন কৰে এক ৱেবনাৰ । 'স্মাৰ্ট এগ্ৰিকালচাৰ' (Smart Agriculture) বিষয়ত এক ৱেবনাৰ সম্বোধন কৰি কৃষি খণ্ডৰ প্ৰতি আগবঢ়োৱা অৱদানৰ প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে । তেওঁ কয় যে যোৱা সাত বছৰত কৃষকসকলৰ বাবে কৃষি ঋণ ২.৫ গুণ বৃদ্ধি কৰা হৈছে( Agriculture loans for farmers hiked 2.5 times in 7 years ) , লগতে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনি দেশৰ ক্ষুদ্ৰ কৃষকসকলৰ বাবে এক শক্তিশালী সমৰ্থন হৈ পৰিছে।
বাজেটে কৃষি খণ্ডক শক্তিশালী কৰাৰ বিভিন্ন উপায়ৰ ওপৰত এক ৱেবনাৰ সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় "প্ৰধানমন্ত্ৰী-কিষাণ সন্মান নিধি আঁচনি তিনি বছৰ আগতে আজিৰ দিনটোতে আৰম্ভ কৰা হৈছিল। আজি এই আঁচনিখন ক্ষুদ্ৰ কৃষকসকলৰ বাবে ডাঙৰ সমৰ্থন হৈ পৰিছে (PM Modi lauds agricultural sector)। ইয়াৰ অধীনত এতিয়ালৈকে ১১ কোটি কৃষকক প্ৰায় দুই লাখ কোটি টকা প্ৰদান কৰা হৈছে" ।
প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয়, "বিগত সাত বছৰত আমি বহুতো নতুন পদক্ষেপ গ্ৰহণ কৰিছো। বীজ বজাৰলৈ লৈ যোৱাৰ পৰা, আমি পুৰণি প্ৰণালীবোৰ উন্নত কৰিছো। কৃষিৰ বাবে বাজেট মাত্ৰ সাত বছৰত বহুগুণে বৃদ্ধি পাইছে। কৃষকসকলৰ বাবে কৃষি ঋণো সাত বছৰত ২.৫ গুণ বৃদ্ধি কৰা হৈছে" (PM Modi lauds agricultural sector) ।