নিউজ ডেস্ক, 18 ডিচেম্বৰ:পাকিস্তান মুছলিম লীগৰ প্ৰধান নৱাজ শ্বৰীফৰ মাতৃৰ মৃত্যুত এক পত্ৰ যোগে সমবেদনা জ্ঞাপন কৰিলে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ পাকিস্তানৰ দৈনিক বাতৰি কাকত ড'নত প্ৰকাশ পাইছে এই তথ্য ৷
কাকতখনত প্ৰকাশিত তথ্য অনুসৰি পত্ৰ খনত মোডীয়ে লিখিছে, 'আপোনাৰ মাতৃৰ মৃত্যুত মই গভীৰ শোক প্ৰকাশ কৰিছো ৷ মাতৃ বেগম ছামিম আখটাৰৰ মৃত্যুত অপূৰণীয় ক্ষতি বহন কৰিবলৈ আপোনাৰ পৰিয়ালক ভগৱানে শক্তি প্ৰদান কৰক তাৰ কাৰণে মই প্ৰাৰ্থনা জনাইছো ৷' লগতে প্ৰয়াত বেগম ছামিম আটাৰৰ সৰলতা আৰু বন্ধু সুলভ স্বভাৱক অনুসৰণ কৰিবলগীয়া বুলি মত প্ৰকাশ কৰে প্ৰধান মন্ত্ৰী গৰাকীয়ে ৷