অসম

assam

ETV Bharat / bharat

PM Modi meets three services chiefs : তিনি সেৱাৰ মুৰব্বীক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ - নিৰাপত্তা পৰিষদৰে মোডীৰ বৈঠক

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেওবাৰে ইউক্ৰেইনত চলি থকা যুদ্ধৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ নিৰাপত্তা প্ৰস্তুতি আৰু সাম্প্ৰতিক গোলকীয় পৰিস্থিতিৰ পৰ্যালোচনা কৰিবলৈ নিৰাপত্তা বিষয়ক কেবিনেট কমিটিৰ এখন বৈঠকত সভাপতিত্ব কৰে । তেওঁ তিনিওটা সেৱাৰ মুৰব্বীসকলকো সাক্ষাৎ কৰে (PM Modi meets three services chiefs) ৷

PM Modi meets three services chiefs
তিনি সেৱাৰ মুৰব্বীক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ

By

Published : Mar 14, 2022, 9:46 AM IST

নেশ্যনেল ডেস্ক, 14 মাৰ্চ : ইউক্ৰেইনত অব্যাহত থকা যুদ্ধৰ প্ৰতি লক্ষ্য ৰাখি নিৰাপত্তা প্ৰস্তুতি আৰু গোলকীয় পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিবলৈ নিৰাপত্তা সম্পৰ্কীয় কেবিনেট কমিটিৰ এখন বৈঠকত সভাপতিত্ব কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ।

ইয়াৰ লগতে প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশৰ সুৰক্ষাৰ ক্ষেত্ৰত নিয়োজিত তিনিওটা সেৱাৰ মুৰব্বীৰ লগতে আন শীৰ্ষ ৰাষ্ট্ৰীয় নিৰাপত্তা বিষয়াসকলক সাক্ষাৎ (PM Modi meets three services chiefs) কৰে ৷ বিষয়াসকলৰ পৰা প্ৰধানমন্ত্ৰী মোডীয়ে দেশৰ আভ্যন্তৰীণ-বাহ্যিক দিশৰ সুৰক্ষা সন্দৰ্ভত খতিয়ান লয় বুলি এক সূত্ৰত প্ৰকাশ পাইছে ৷

উল্লেখ্য যে, ৰাছিয়া-ইউক্ৰেইনৰ মাজত অব্যাহত থকা যুদ্ধৰ প্ৰভাৱ ভাৰততো প্ৰত্যক্ষ অথবা পৰোক্ষভাৱে পৰিব ৷ যিহেতু দুয়োখন দেশৰ সৈতে ভাৰতৰ সম্পৰ্ক সৌহাৰ্দপূৰ্ণ ৷

ইফালে, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ, নিৰাপত্তা পৰিষদৰ উপদেষ্টা অজিত ডোভালে অংশগ্ৰহণ কৰা চিচিএছ বৈঠকত প্ৰধানমন্ত্ৰীক সীমান্ত অঞ্চলৰ লগতে সামুদ্ৰিক আৰু বিমান ক্ষেত্ৰত ভাৰতৰ নিৰাপত্তা প্ৰস্তুতিৰ শেহতীয়া তথ্য আৰু বিভিন্ন দিশৰ বিষয়ে অৱগত কৰে ৷ অৱশ্যে এই কথা বিজ্ঞপ্তিযোগে সদৰী কৰিছে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে ৷

তদুপৰি এই বৈঠকতে প্ৰধানমন্ত্ৰী মোডীক অপাৰেচন গংগাৰ শেহতীয়া তথ্যৰ বিষয়েও বিতংভাৱে সদৰী কৰা হয় ৷ প্ৰধানমন্ত্ৰী মোডীয়ে বৈঠকত উপস্থিত থকা দেশৰ নিৰাপত্তাত নিয়োজিত শীৰ্ষ বিষয়াসকলক শীঘ্ৰে ইউক্ৰেইনৰ খাৰকিভত মৃত্যু ঘটা নবীন শেখৰাপ্পাৰ নশ্বৰদেহ ভাৰতলৈ ঘূৰাই অনাৰ বাবে প্ৰয়োজনীয় সকলো প্ৰকাৰৰ ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ প্ৰদান কৰে ৷ ইতিমধ্যে ভাৰতে ইউক্ৰেইনত আৱদ্ধ অধিকাংশ নাগৰিকক উদ্ধাৰ কৰি দেশলৈ ঘূৰাই আনিবলৈ সক্ষম হৈছে ৷

দেওবাৰে অনুষ্ঠিত এই বৈঠকত উপস্থিত থাকে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ ৷

লগতে চাওক:নেতৃত্ব সলনি নহয় : ছোনিয়া গান্ধীয়েই হৈ থাকিব কংগ্ৰেছ সভানেত্ৰী

ABOUT THE AUTHOR

...view details